Advertisment

চিকিৎসাধীন বিনোদ কাম্বলি...

৫২ বছৰীয়া বিনোদ কাম্বলিৰ অৱস্থা এতিয়া পূৰ্বতকৈ সুস্থিৰ। উল্লেখ্য যে, শিৱাজী পাৰ্কত ৰমাকান্ত আম্বেদকাৰৰ প্ৰতিমূৰ্তি উন্মোচনৰ সময়ত ৰাজহুৱাভাৱে উপস্থিত হৈছিল ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ গৰাকী।

author-image
Asomiya Pratidin
New Update
e

ডিজিটেল ডেস্কঃ  স্বাস্থ্যৰ অৱনতি ঘটিছে প্রাক্তন ভাৰতীয় ক্ৰিকেটাৰ বিনোদ কাম্বলিৰ। শনিবাৰে নিশা মহাৰাষ্ট্ৰৰ অন্তৰ্গত থানে আকৃতি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় কাম্বলিক। শেহতীয়াকৈ কেইবাটাও স্বাস্থ্যজনিত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে প্রাক্তন ক্ৰিকেটাৰগৰাকী। চিকিৎসকে জনোৱা মতে,কাম্বলিৰ মগজুত তেজ গোট খাইছে।

Advertisment

প্ৰাপ্ত তথ্য অনুসৰি,  ৫২ বছৰীয়া প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীৰ অৱস্থা এতিয়া পূৰ্বতকৈ সুস্থিৰ। উল্লেখ্য যে, শিৱাজী পাৰ্কত ৰমাকান্ত আম্বেদকাৰৰ প্ৰতিমূৰ্তি উন্মোচনৰ সময়ত ৰাজহুৱাভাৱে উপস্থিত হৈছিল ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ গৰাকী। উক্ত অনুষ্ঠানতে তেওঁৰ স্বাস্থ্যৰ সম্পৰ্কে সকলোৱে ধাৰণা কৰিছিল।

ইফালে নিজ স্বাস্থ্য সন্দৰ্ভত কাম্বলিয়ে কয় যে, এমাহ আগতে মোৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল আৰু মই ঘূৰাই পৰি গৈছিলো। মোৰ প্ৰস্ৰাৱৰ সমস্যা হৈছিল । ঘনে ঘনে প্ৰস্ৰাৱ হৈ আছিল। মোৰ ল'ৰা জেছুচ ক্রিষ্টিয়ানোৱে মোক উদ্ধাৰ কৰিছিল।

বিনোদ কাম্বলি