ডিজিটেল ডেস্ক : দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈছে মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহমন্ত্ৰী তথা এন চি পিৰ নেতা অনিল দেশমুখ। পুত্ৰ সলিল দেশমুখৰ নিৰ্বাচনী প্ৰচাৰৰ পৰা উভতি অহাৰ পথত সংঘটিত হৈছে এই ঘটনা।
জানিব পৰা মতে প্ৰাক্তন মন্ত্ৰীগৰাকী উভতি অহাৰ পথত কোনো অচিনাক্ত দুৰ্বৃত্তই তেওঁৰ বাহনলৈ শিল নিক্ষেপ কৰে। ফলত বাহনৰ আইনা ভাঙি প্ৰাক্তন মন্ত্ৰীগৰাকী আঘাতপ্ৰাপ্ত হয়। শিলগুটিয়ে মূৰত আঘাত কৰাৰ ফলত অনিল দেশমুখৰ ৰক্তক্ষৰণ পৰ্যন্ত হয়।
ইতিমধ্যে এই ঘটনাৰ পাছতে প্ৰাক্তন মন্ত্ৰীগৰাকীক নিৰাপত্তাৰক্ষী তথা সমৰ্থকসকলৰ সহযোগত স্থানীয় হাস্পতাললৈ লৈ যোৱা হয়। অৱশ্যে স্থানীয় হাস্পতালখনত প্ৰাথমিক চিকিৎসা সম্পন্ন কৰি উন্নত চিকিৎসাৰ বাবে নাগপুৰৰ এখন ব্যক্তিগতখণ্ডৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে অনিল দেশমুখক।
ইফালে এই ঘটনাৰ পাছতে দেশমুখৰ অনুৰাগী তথা দলীয় সমৰ্থকসকলে কাটল আৰক্ষী থানা ঘেৰাও কৰি প্ৰতিবাদ সাৱ্যস্ত কৰে। ঘটনাস্থলীত আৰক্ষী বাহিনী উপস্থিত হৈ তদন্ত অৱ্যাহত ৰাখিছে।