/asomiyapratidin/media/media_files/2025/04/08/Ks457g39iT9YQDvUppBw.jpg)
ডিজিটেল সংবাদ, কাজিৰঙা : মঙলবাৰে পুৱাই জীপ ছাফাৰীৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰিলে ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰে ৷ কাজিৰঙাৰ বাগৰি বনাঞ্চলত পৰ্যটকৰ হৰ্ষোল্লাসৰ মাজত পৰিয়ালসহ খোলা জীপত উঠি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে ৷
/asomiyapratidin/media/media_files/2025/04/08/1oBzIyPNlMzfZaH98yTl.jpg)
এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, ইয়াৰ পূৰ্বে তেণ্ডুলকাৰসহ পৰিয়ালক নগাঁও জিলা প্ৰশাসনে আদৰণি জনায় ৷ আনহাতে উপস্থিত থকা পৰ্যটক আৰু স্থানীয় লোকৰ কাষলৈ গৈ সকলোৰে প্ৰণিপাত গ্ৰহন কৰাৰ লগতে দুজন যুৱকে গামোচাৰে আদৰণি জনাই শচীনক ৷
/asomiyapratidin/media/media_files/2025/04/08/T2je8BWjxPDyEgAz51Wf.jpg)
তাৰোপৰি ডোঙা দৰ্শন চূড়াত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ক্ৰিকেটাৰগৰাকীক কফি টেবুল বুক উপহাৰ দিয়ে ৷ লগতে বন দুৰ্গাৰ লগত মত বিনিময় কৰে ক্ৰিকেটাৰগৰাকীয়ে ৷
/asomiyapratidin/media/media_files/2025/04/08/AIDCt7qqX6AZ2y8SK21E.jpg)
সমান্তৰালকৈ উদ্যান উপভোগ কৰি আপ্লুত হৈ পৰে ক্ৰিকেটাৰগৰাকী। বিভিন্ন জীৱ-জন্তুৰ লগতে বাঘ দেখাৰ সৌভাগ্য ঘটে ক্ৰিকেটাৰগৰাকীৰ ৷
/asomiyapratidin/media/media_files/2025/04/08/bLB65mpiYG19r4agCU7C.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us