/asomiyapratidin/media/media_files/2026/01/16/643-2026-01-16-11-06-41.jpg)
ডিজিটেল ডেস্ক : অসম সন্তান তথা ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ সদস্যৰিয়ান পৰাগৰ সমৰ্থনত পুনৰ থিয় দিছে প্ৰাক্তন অলৰাউণ্ডাৰ ইৰফান পাঠান। দেশৰ আন জ্যেষ্ঠ তথা প্ৰাক্তন ক্ৰিকেটাৰতকৈ অধিক গুৰুত্ব দিয়া পাঠানে ৰিয়ানক ঘৰুৱা ক্ৰিকেট, আই পি এল আদিৰ সময়ৰ পৰাই প্ৰেৰণা যোগাই আহিছে।
এইবাৰ তেওঁ নিউজিলেণ্ডৰে হৈ থকা শৃংখলাত ভাৰতীয় দলৰ অলৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰৰ স্থানত ৰিয়ান পৰাগক অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনাইছে। সামাজিক মাধ্যমত তেওঁ কয়- যদিহে ৰিয়ান পৰাগ ফিট তেন্তে আঘাতপ্ৰাপ্ত ৱাশ্বিংটন সুন্দৰৰ স্থানত ৰিয়ানক অন্তৰ্ভুক্ত কৰিব পাৰে নিৰ্বাচকে। ৰিয়ান প্ৰতিভাৱান ক্ৰিকেটাৰ।
প্ৰণিধানযোগ্য যে, শ্ৰীলংকাৰে এদিনীয়া শৃংখলাত ভাগ লোৱাৰ পাছৰে পৰা দলৰ বাহিৰত আছে ৰিয়ান। পূৰ্বে হৈ যোৱা বহুকেইটা শৃংখলাৰ বাবে ৰিয়ানৰ নাম উচ্চাৰিত হৈছিল যদিও দুৰ্বল ফৰ্ম আৰু ফিটনেছৰ বাবে ৰিয়ানক দলত লোৱা নাছিল নিৰ্বাচকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us