/asomiyapratidin/media/media_files/2025/04/29/4DSGwApn5FTPl9QfhjzW.jpg)
ডিজিটেল সংবাদ, ধুবুৰী : ধুবুৰীৰ এগৰাকী বিশিষ্ট সমাজসেৱী, হিন্দু জাগৰণ মঞ্চ ধুবুৰী জিলা সমিতিৰ সভাপতি তথা ধুবুৰী পৌৰসভাৰ প্ৰাক্তন পৌৰপতি কল্যাণ পুৰকায়স্থ আৰু নাই। দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি মঙলবাৰে দিনৰ প্ৰায় ১০-৪০ বজাত গুৱাহাটীৰ বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটত শেষ নিঃশ্বাস ত্যাগ কৰে।
উল্লেখ্য যে, ১৯৫৭ চনৰ ১ জুলাইত শিলচৰত জন্মগ্ৰহণ কৰা কল্যাণ পুৰকায়স্থই পৰৱৰ্তী সময়ত বিভিন্ন দল-সংগঠনৰ সৈতে জড়িত হৈ সামাজিক কাম-কাজত মনোনিৱেশ কৰিছিল। দেশৰ জৰুৰীকালীন ১৯৭৫-১৯৭৭ চনৰ সময়চোৱাত কল্যাণ পুৰকায়স্থ আৰ এছ এছৰ প্ৰচাৰক হৈ কাম কৰি থাকোঁতে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰি ধুবুৰী জিলা কাৰাগাৰ লৈ প্ৰেৰণ কৰিছিল।
ইয়াৰ পাছত তেওঁ ধুবুৰী জিলা কাৰাগাৰৰ পৰা মুকলি হৈ পুনৰ শিলচৰ লৈ গৈ তাতে তেওঁ স্নাতক পাঠ্যক্ৰম সম্পূৰ্ণ কৰে। ইয়াৰ পিচতে ১৯৭৮ চনত পুনৰ তেওঁ ধুবুৰী লৈ আহি আৰ এছএছৰ প্ৰচাৰক হিচাপে কাম কৰি গৈছিল।
পৰৱৰ্তী সময়ত তেওঁ ১৯৮৬-৮৭ চনত বিজেপি দলত যোগদান কৰিছিল। ইয়াৰ পিচতে ১৯৯৭ চনত কল্যাণ পুৰকায়স্থই পৌৰসভাৰ নিৰ্বাচনত ধুবুৰীৰ ৬ নং ৱাৰ্ডৰ পৰা বিজেপি দলৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হৈছিল।
ইয়াৰ পিচত তেওঁ ধুবুৰী পৌৰসভাৰ পৌৰপতিৰ আসনো শুৱনি কৰিছিল। ধুবুৰীৰ বিভিন্ন সামাজিক-সাংস্কৃতিক সংগঠনৰ সৈতে ওতঃ প্ৰোতঃভাৱে জড়িত হৈ থকা কল্যাণ পুৰকায়স্থই ধুবুৰী কেন্দ্ৰীয় ৰঙালী বিহু কমিটীৰ কাৰ্যকৰী সভাপতিৰ পদ অধিষ্ঠিত কৰাৰ উপৰি ধুবুৰীৰ পাইকাৰী গ্ৰাহক সমবায় ভাণ্ডাৰ লিমিটেডৰ উপ-সভাপতি, ধুবুৰী জিলা ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি, ধুবুৰী ড্ৰাগছ ডিলাৰ্চ এছ'ছিয়েচনৰ লগতো জড়িত হৈ আছিল।
ইফালে ধুবুৰী পৌৰসভাৰ প্ৰাক্তন পৌৰপতিগৰাকীৰ মৃত্যুত আজি ধুবুৰীত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। প্ৰাক্তন পৌৰপতি কল্যাণ পুৰকায়স্থৰ মৃত্যুত ধুবুৰীৰ বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰাৰ লগতে মৃতকৰ পৰিয়াল লৈও গভীৰ সমবেদনা নিবেদন কৰে। মৃত্যুৰ সময়ত কল্যাণ পুৰকাস্থই পত্নীসহ দুগৰাকীকৈ কন্যা, আত্মীয়-স্বজনক ইহ-সংসাৰত এৰি থৈ যায়।