/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/d701c03a-265a-47e9-8573-0a4a05de8821/download__1_.jpg)
ডিজিটেল ডেস্কঃ দিল্লীৰ সুৰা নীতি গোচৰত গ্ৰেপ্তাৰ তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যা তথা বি আৰ এছৰ নেত্ৰী কে কবিতাক ২৩ মাৰ্চলৈকে ইডিৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। আজি দিল্লীৰ এখন আদালতে কে কবিতাক ইডিৰ জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখ্য যে, দিল্লীৰ সুৰা নীতি কেলেংকাৰীত আম আদমী পাৰ্টিৰ কেইবাগৰাকীও নেতাৰ লগতে বি আৰ এছৰ নেত্ৰীগৰাকীও জড়িত থকাৰ অভিযোগ উত্থাপন কৰি তদন্ত চলায় ইডিয়ে।
ইফালে আজি আদালতৰ শুনানিৰ সময়ত কে কবিতাৰ অধিবক্তাই দাবী কৰে যে নেত্ৰীগৰাকীক ষড়যন্ত্ৰমূলকভাৱে এই গোচৰৰ সৈতে জড়িত কৰোৱা হৈছে। উল্লেখ্য যে, ৪৫ বৰ্ষীয় বি আৰ এছ নেত্ৰীগৰাকীক পূৰ্বে এই গোচৰত দুবাৰকৈ চমন জাৰি কৰিছিল ইডিয়ে। কিন্তু দুয়োবাৰেই কে কবিতাই এই চমন আওকান কৰাত অৱশেষত শুকুৰবাৰে তেওঁৰ হায়দৰাবাদস্থিত বাসগৃহত অভিযান চলায় ইডিৰ দলে।
এই অভিযানৰ মাত্ৰ কেইঘণ্টামান পিছতে তেওঁক গ্ৰেপ্তাৰ কৰি দিল্লীলৈ অনা হয়। ইফালে আজি একেটা গোচৰত দিল্লীৰ আদালতত হাজিৰ হয় দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। তেওঁ বাৰে বাৰে ইডিৰ চমন আওকান কৰাৰ পিছত আদালতৰ কাষ চাপিছিল তদন্তকাৰী সংস্থাটো। আজি এই গোচৰৰ শুনানি গ্ৰহণ কৰি ৰাউজ এভিনিউ আদালতে দিল্লী সুৰা নীতিৰ গোচৰৰ সৈতে জড়িত দুটা অভিযোগত জামিন মঞ্জুৰ কৰে কেজৰিৱালৰ।