জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফটিলৈ প্ৰশাসনৰ নিৰ্দেশনা...

সকলো কথা সন্দৰ্ভত আইনৰ কাষ চপাৰ কথা কয় প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফটিয়ে

author-image
Asomiya Pratidin
New Update
জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফটিলৈ প্ৰশাসনৰ নিৰ্দেশনা...

MEHBUBA MUFTI

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সাংসদ মেহবুবা মুফটিলৈ প্ৰশাসনৰ এক বিশেষ নিৰ্দেশনা। জম্মু - কাশ্মীৰ প্ৰশাসনে এক নিৰ্দেশনা যোগে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ গুপকাৰ অঞ্চলত থকা চৰকাৰী বাসভৱন এৰাৰ বাবে জাননী প্ৰেৰণ কৰে।

Advertisment

এই সন্দৰ্ভত মুফটিয়ে কয় যে, জাননীখনত উল্লেখ থকা মতে বাসভৱনটো ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ বাবে নহয়। গতিকে বিষয়টো সম্পৰ্কে তেওঁ আইনৰ ওচৰত যোৱাৰ কথা উল্লেখ কৰে।

লগতে কয় যে, ২০০৫ চনত তেওঁৰ পিতৃ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী মুফটি মহম্মদ চৈয়দক বাসভৱনটো আৱণ্টন কৰিছিল। সেই অনুসৰি প্ৰশাসনে উল্লেখ কৰা কথাবোৰ শুদ্ধ নহয় বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। গতিকে সকলো কথা সন্দৰ্ভত আইনৰ কাষ চপাৰ কথা কয় প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফটিয়ে।

jambu kasmir india mehbuba mufti