আইনৰ শিক্ষাৰ্থীক স্ক'লাৰশ্বিপ আগবঢ়াব উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে....

ranjan gogoi
ranjan gogoi

ডিজিটেল ডেস্কঃ ৰাজ্যসভাৰ সাংসদ তথা উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ। আইনজ্ঞগৰাকীয়ে ৰাজ্যসভাৰ সাংসদ হিচাপে লাভ কৰা দৰমহাৰ ধনেৰে এক স্ক'লাৰশ্বিপ আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

সেই সিদ্ধান্ত অনুসৰিয়েই তেওঁ অৰ্থনৈতিক ভাৱে দুৰ্বল মেধাৱী আইনৰ শিক্ষাৰ্থীৰ বাবে আগবঢ়াব এই স্ক'লাৰশ্বিপ। অসমৰ বিভিন্ন আইন মহাবিদ্যালয়ত অধ্যয়নৰত ১৯ গৰাকী তেনে শিক্ষাৰ্থীৰ লগতে দেশৰ বিভিন্ন ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ত অধ্যয়নৰত ১০ গৰাকী শিক্ষাৰ্থীক এই স্ক'লাৰশ্বিপৰ বাবে নিৰ্বাচিত কৰা হৈছে।

অহা ৬ নৱেম্বৰ, দেওবাৰে গুাৱহাটীস্থ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ সভাকক্ষত স্ক'লাৰশ্বিপপ্ৰাপ্ত শিক্ষাৰ্থীসকলক এই স্ক'লাৰশ্বিপৰ চেক প্ৰদান কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰাছমিন মনোহৰভাই ছায়াই। পুৱা ১১ঃ৩০ বজাত অনুষ্ঠিত হ'বলগীয়া এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত স্ক'লাৰশ্বিপপ্ৰাপ্ত শিক্ষাৰ্থীসকলৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in