প্ৰাক্তন আলফাৰ সমস্যা সমাধানৰ বাবে গঠন হ'ল 'সন্মিলিত জন চেতনা মঞ্চ'

প্ৰাক্তন আলফা সকলক লৈ গঠন হ'ল 'সন্মিলিত জন চেতনা মঞ্চ'। বাক্সা প্ৰেছ ক্লাৱত এখন সংবাদমেল আয়োজন কৰি এই মঞ্চৰ লক্ষ্য -উদ্দেশ্যে ৰাজহুৱা কৰে নৱগঠিত সংগঠনটোৰ সভাপতি তথা প্ৰাক্তন আলফাৰ প্ৰচাৰ সচিব মিথিংগা দৈমাৰীয়ে।

author-image
Asomiya Pratidin
New Update
গঠন হ'ল 'সন্মিলিত জন চেতনা মঞ্চ'

গঠন হ'ল 'সন্মিলিত জন চেতনা মঞ্চ'

ডিজিটেল সংবাদ, বৰমাঃ প্ৰাক্তন আলফা সকলক লৈ গঠন হ'ল 'সন্মিলিত জন চেতনা মঞ্চ'। বাক্সা জিলাৰ বৰমাত থকা বাক্সা প্ৰেছ ক্লাৱত এখন সংবাদমেল আয়োজন কৰি এই মঞ্চৰ লক্ষ্য -উদ্দেশ্যে ৰাজহুৱা কৰে নৱগঠিত সংগঠনটোৰ সভাপতি তথা প্ৰাক্তন আলফাৰ প্ৰচাৰ সচিব মিথিংগা দৈমাৰীয়ে।

Advertisment

দীৰ্ঘ সময় আলফাৰ সংগ্ৰাম সামৰি অহা প্ৰাক্তন আলফা সকলে চৰকাৰে দিয়া সামন্য মাননিৰে চলাটো সম্ভৱ নহয় বুলি দোহাৰে সন্মিলিত জন চেতনা মঞ্চ অসমৰ সভাপতি মিথিংগা দৈমাৰীয়ে। মিথিংগা দৈমাৰীয়ে সদৰি কৰে যে, "বিগত কালছোৱাত জাতীয় স্বাৰ্থৰ হকে যুঁজি আত্মবলিদান দিয়া ছহিদৰ পৰিয়ালবৰ্গ আৰু নির্যাতিতসকলক লৈ এখন সম্মিলিত মঞ্চত একত্ৰিত কৰাই এই সংগঠনৰ লক্ষ্য। নৱগঠিত সংগঠনটোৱে সংযুক্ত মুক্তি বাহিনী অসমৰ সেই নির্যাতিত লোক সমষ্টিৰ প্ৰাপ্য অধিকাৰ আদায়ৰ হ'কে গণতান্ত্রিকভাবে পদক্ষেপ গ্রহণ কৰা হ'ব" বুলি ঘোষণা কৰে । 

"জাতিৰ প্ৰকৃত সংগ্রামখনক বিভিন্ন সময়ত বিশ্বাসঘাটকতাৰে মষিমূৰ কৰি জাতীৰ বৈৰীৰ ভূমিকা লোৱাসকলৰ অৱস্থান আৰু সুবিধাবাদী চৰিত্ৰ সম্পৰ্কত জনগণক সচেতন কৰাৰ লগতে কেইবাটাও লক্ষ্যৰে এই অৰাজনৈতিক সংগঠনটো আগবাঢ়ি যাব" বুলি উল্লেখ কৰে মিথিংগা দৈমাৰীয়ে।

"প্ৰকৃত নিৰ্যাতিত সকলে ন্যায়ৰ বাবে আজিও বাট চাই আছে। জাতীয়- জনগোষ্ঠীয় অধিকাৰ ৰক্ষাৰ প্ৰকৃত সংগ্ৰামসমূহক নানা প্ৰলোভনেৰে ভাগ ভাগ কৰি অধিকাৰৰ সংগ্ৰামখনক নিশকটীয়া কৰি তুলিছে। এক সংগঠিত জনচেতনা আৰু ঐক্য অবিহনে এই পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পোৱাটো কঠিন। সন্মিলিত জন চেতনা মঞ্চই অনুভৱ কৰে যে সামাজিক আৰু ৰাজনৈতিক চেতনাৰ প্ৰকৃত বিকাশ অবিহনে ন্যায় যুঁজৰ সফলতা অসম্ভৱ" বুলি কয়। "অসমৰ আৰ্থিক, সামাজিক, ৰাজনৈতিক আৰু সাংস্কৃতিক বিকাশৰ বাবে 'সন্মিলিত জন চেতনা মঞ্চ'ই সৰ্বস্তৰৰ জনগণৰ হ'কে সপক্ষে কাম কৰাৰ বাবে দৃঢ়তাৰে বাট বুলিব" বুলি সংবাদমেলত প্ৰকাশ কৰে দিপক দৈমাৰী ওৰফে মিথিংগা দৈমাৰীয়ে। 

ইফালে, আগন্তুক বিটিআৰ নিৰ্বাচনত সন্মিলিত জন চেতনা মঞ্চ যিহেতু অৰাজনৈতিক সংগঠন গতিকে ৰাজনৈতিকভাৱে কোনো কাৰণতে জড়িত নহ'ব বুলি জানিব দিয়ে। বৰ্তমান সময়ত এই সংগঠনত বিটিআৰ অঞ্চলৰ ১৫০০ৰো অধিক সদস্য আছে বুলি মত প্ৰকাশ কৰে। প্ৰাক্তন আলফাৰ বিভিন্ন সমস্যা সমাধানৰ বাবে এই মঞ্চৰ পৰাই দাবী জনোৱা হ'ব বুলি দোহাৰে দীপক দৈমাৰী ওৰফে মিথিংগা দৈমাৰীয়ে। 

কোনো প্ৰাক্তন আলফা অথবা প্ৰাক্তন আলোচনাপন্থী আলফাৰ সমিতি গঠনৰ ক্ষেত্ৰত প্ৰশ্ন কৰাত তেওঁ সেই কথা পোনচাটে নাকচ কৰি ইতিমধ্যে আলফা ভংগ হোৱা বুলি তেওঁ জানিব দিয়ে। 'আলফা' ভংগ হোৱাৰ পিছত তেনেকৈ সংগঠন খোলাৰ প্ৰশ্নই উঠিব নোৱাৰে বুলি কয়। "স্বাৰ্থপৰ, সুবিধাবাদী লোকে 'আলফা' শব্দৰ ব্যৱহাৰেৰে একান্ত ব্যক্তিগত স্বাৰ্থ পূৰণৰ লক্ষ্যৰে দোকান খুলিব আৰু ৰাইজে ইয়াক মানি লব সেয়ে কেতিয়াও সম্ভৱ নহয় আৰু ৰাইজে তাক মানি নলয়" বুলি দোহাৰে। সংবাদমেলত সন্মিলিত জন চেতনা মঞ্চ, বিটিআৰ সমিতিখনৰ সভাপতি মিথিংগা দৈমাৰী, কাৰ্যকৰী সভাপতি ইন্দ্ৰমোহন ৰায়, মুখ্য সম্পাদক প্ৰদীপ বৰ্মন, সম্পাদক হিচাপে উদ্ধৱ দাস, সঞ্জয় ঠাকুৰীয়া, মহেোন দাসক লৈ এঘাৰজনীয়া সমিতি ঘোষণা কৰে। লগতে বাক্সা জিলা সমিতিৰ সভাপতি চন্দ্ৰ হালৈ, মুখ্য সম্পাদক সঞ্জয় ঠাকুৰীয়াক দায়িত্ব দি সমিতি গঠন কৰাৰ কথা প্ৰকাশ কৰে। সংবাদমেলত  মঞ্চৰ বহু  বিষয়-ববীয়াসকল উপস্থিত থাকে।

মিথিংগা দৈমাৰী বাক্সা আলফা