/asomiyapratidin/media/media_files/2025/07/15/ffgf-2025-07-15-17-00-52.jpg)
ঢকুৱাখনাত অগপৰ মহিলা বিধান পৰিষদ গঠন
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদৰ ভগ্নী সংগঠন, অসম মহিলা পৰিষদৰ ঢকুৱাখনা বিধান পৰিষদ সমিতিখন মঙলবাৰে পুনৰ গঠন কৰা হয়। অগপৰ ঢকুৱাখনা বিধান পৰিষদৰ স্থায়ী কাৰ্যালয়ত অনুষ্ঠিত এক সাধাৰণ সভাত গঠন কৰা হয় এখন শক্তিশালী মহিলা পৰিষদ।
জ্যেষ্ঠ মহিলা নেত্ৰী গুণৰাণী শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সাধাৰণ সভাত উদ্দেশ্য ব্যাখ্যা কৰে সভাৰ অন্যতম আহ্বায়ক নিতুমনি গগৈয়ে। পৰিষদৰ ২৩খন আঞ্চলিকৰ গৰিষ্ঠ সংখ্যক প্ৰতিনিধিৰ উপৰিও অগপৰ ঢকুৱাখনা বিধান পৰিষদৰ সভাপতি দুলাল দত্ত, সাধাৰণ সম্পাদক সমুজ্জল চেতিয়া আদি এই সভাত উপস্থিত থাকে।
পৰিষদৰ পতাকা উত্তোলনৰ পাছতে সাধাৰণ সভা উদ্বোধন কৰে কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভানেত্ৰী প্ৰণিতা গগৈয়ে। সভাত দলৰ সাংগঠনিক দিশ সামৰি অগপ দলৰ ভেঁটি অধিক মজবুত কৰি দলটোক জনমুখী কৰি তোলাৰ বাবে মহিলা শক্তিৰ কৰণীয়তা সন্দৰ্ভত বিশ্লেষণাত্মক বক্তব্য আগবঢ়াই মহিলা পৰিষদৰ কেন্দ্ৰীয় সম্পাদিকা কস্তুৰী চুতীয়াই। এই সভাতেই কেন্দ্ৰীয় পৰ্যবেক্ষকৰ উপস্থিতিত ঢকুৱাখনা মহিলা সমষ্টি সমিতিখন গঠন কৰা হয়।
সভাত সৰ্বসন্মতি ক্ৰমে ৰূপাঞ্জলি চুতীয়াক সভানেত্ৰী, ৰীতা ৰাভা শইকীয়া আৰু নিতুমনি গগৈক সাধাৰণ সম্পাদিকা হিচাবে লৈ ৪১ জনীয়া মহিলা বিধানসভা সমষ্টি সমিতিখন গঠন কৰা হয়। নৱগঠিত সমিতিখনে আগন্তুক সময়ত দলৰ লগতে সংগঠনটোক সৰ্বজন সমাদৃত কৰি আঞ্চলিকতাবাদৰ ভেঁটি সুদৃঢ় কৰাত মনোনিৱেশ কৰিব বুলি সংকল্প দোহাৰে।