ফুলগুৰিত খিলঞ্জীয়া সুৰক্ষা সমিতিৰ নগাঁও জিলা সমিতি গঠন..

সমাজকৰ্মী মৃণাল শইকীয়াই আঁত ধৰা অনুষ্ঠানত কেন্দ্ৰীয় সহ-সম্পাদক ৰাজ কুমাৰ নাথ, মৰিগাঁও জিলাৰ সভাপতি নিৰল ডেকা আৰু বিশ্ব নাথে ভাষণ প্ৰদান কৰে ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,বেবেজীয়াঃ ফুলগুৰিত দেওবাৰে খিলঞ্জীয়া সুৰক্ষা সমিতি অসমৰ নগাঁও জিলা সমিতি গঠন কৰা হয় । সমাজকৰ্মী প্ৰহ্লাদ চন্দ্ৰ বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত খিলঞ্জীয়া সুৰক্ষা সমিতি অসমৰ নগাঁও জিলা সমিতি গঠনৰ সভাখনিত খিলঞ্জীয়া সুৰক্ষা সমিতি অসমৰ কেন্দ্ৰীয় সম্পাদক ৰাজ বাবা অসমে কয় যে ভূমিৰ সুৰক্ষা অধিকাৰ আইন চৰকাৰে প্ৰণয়ণ কৰিব লাগে ।

সমাজকৰ্মী মৃণাল শইকীয়াই আঁত ধৰা অনুষ্ঠানত কেন্দ্ৰীয় সহ-সম্পাদক ৰাজ কুমাৰ নাথ, মৰিগাঁও জিলাৰ সভাপতি নিৰল ডেকা আৰু বিশ্ব নাথে ভাষণ প্ৰদান কৰে । উল্লেখ্য যে নগাঁও-মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা সভাখনিত সত্য দাসক সভাপতি, মৃণাল শইকীয়াক কাৰ্যকৰী সভাপতি আৰু স্বপ্ননীল ডেকাক সম্পাদক হিচাপে লৈ খিলঞ্জীয়া সুৰক্ষা সমিতি অসমৰ নগাঁও জিলা সমিতিখন গঠন কৰা হয় ।

সভাত আপোচ বিহীনভাৱে অসম বিদেশী মুক্ত কৰা, খিলঞ্জীয়াৰ ভাষা, সংস্কৃতি, অর্থনৈতিক, ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰা আৰু নাগৰিকত্তৰ ভিত্তি বর্ষ ১৯৫১ চন কৰাৰ লগতে খিলঞ্জীয়াৰ ভিত্তি বর্ষ ১৮২৬ খৃঃ কৰি অসমৰ সকলো খিলঞ্জীয়া জনগোষ্ঠীৰ সুৰক্ষা প্ৰদান কৰা, খিলঞ্জীয়াৰ সংজ্ঞা সন্দৰ্ভত স্পষ্ট স্থিতি আদি ক্ষেত্ৰত খিলঞ্জীয়াৰ হকে যিকোনো সময়ত আৰু যিকোনো বিষয়ত মাত মাতি যোৱাই সমিতিৰ মূখ্য উদ্দেশ্যে বুলি সভাই ঘোষণা কৰে ।

বেবেজীয়া খিলঞ্জীয়া