/asomiyapratidin/media/media_files/2025/07/04/302-2025-07-04-18-28-43.jpg)
ডিজিটেল সংবাদ, মথুৰাপুৰ : অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছা মথুৰাপুৰ উপ-শাখা নতুন সমিতিখন শুকুৰবাৰে গঠন কৰা হয় ৷ এই উপলক্ষে মথুৰাপুৰ বাগিছা প্ৰাথমিক বিদ্যালয় এখনি সভা অনুষ্ঠিত কৰা হয় ৷
আটছাৰ চৰাইদেউ জিলা সমিতিৰ উপ-সভাপতি বাসুদেৱ কুমাৰ সভাপতিত্ব অনুষ্ঠিত হোৱা সভাত আটছাৰ চৰাইদেউ জিলাৰ সহঃসম্পাদক বিপুল চাহু তেলী, সোনাৰি শাখা সম্পাদক গৌতম গোৱালা, সোনাৰি শাখাৰ সাংগঠনিক সম্পাদক বিষু প্ৰধান, মথুৰাপুৰ উপ-শাখাৰ উপদেষ্টা মনেশ্বৰ মালকে ধৰি কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে ৷ সভাই আগন্তুক কাৰ্যকালৰ বাবে গৌতম ৰাওক সভাপতি মনোজ নায়ক,পল্লবী নায়ক উপ-সভাপতি, অভিজিত খদালক সাধাৰণ সম্পাদক,দিপক নায়ক সহকাৰী সম্পাদক,আকাশ নায়ক সাংগঠনিক সম্পাদক হিচাপে ৩১ জনীয়া কৈ এখন শক্তিশালী আটছাৰ মথুৰাপুৰ উপ-শাখা সমিতিখন গঠন কৰে ৷
সভাৰ সৰ্ব্বসন্মতি ক্ৰমে দশম শ্ৰেণী ছাত্ৰ-ছাত্ৰী সুবিধা হোৱাকৈ জুলাই মাহতে এক বিনামূলীয়া পাঠদান অনুষ্ঠিত কৰা প্ৰস্তাৱ গ্ৰহণ কৰে ৷