Advertisment

ধুবুৰী জিলা ৰেফাৰী সন্থা গঠন

author-image
Asomiya Pratidin
New Update
ধুবুৰী জিলা ৰেফাৰী সন্থা গঠন 

ধুবুৰী জিলা ৰেফাৰী সন্থা গঠন 

ডিজিটেল সংবাদ, ধুবুৰী : ধুবুৰী জিলা ৰেফাৰী সন্থাৰ দেওবাৰে নতুন কমিটি গঠন কৰা হয়। সন্থাৰ তিনি বছৰীয়া কাৰ্যকাল উকলি যোৱাত নতুন কমিটি গঠনৰ বাবে জিলা ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত আজি পুৱা ১১ বজাত এখন সভা অনুষ্ঠিত হয়।

Advertisment

প্ৰাক্তন ৰেফাৰী অলক সৰকাৰে সভাপতিত্ব কৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে নুৰ ইছলাম সৰকাৰে। উক্ত সভাত অসম ফুটবল সন্থাৰ প্ৰাক্তন ৰেফাৰী সুকুমাৰ বৰুৱা, প্ৰাক্তন ৰেফাৰী বিশ্ব নাথ সাহা, জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক ৰতন মণ্ডল আদিৰ লগতে ৰাইজ উপস্থিত থাকে।

সভাত নুৰ ইছলাম সৰকাৰক একেৰাহে দ্বিতীয় বাৰৰ বাবে সাধাৰণ সম্পাদক হিচাপে লোৱাৰ লগতে সভাপতি অলক সৰকাৰ, কাৰ্যকৰী সভাপতি পৰশ মণি সাহা উপ সভাপতি ক্ৰমে ছামছুল আবেদীন,ভৱ ৰঞ্জন ৰায়,বিহাষ কুণ্ডু, সহকাৰী সম্পাদক ক্ৰমে যোগেশ নাথ ৰহিম উদ্দিনক লৈ মুঠ ১৫ জনীয়া ধুবুৰী জিলা ৰেফাৰী সন্থাৰ কমিটি গঠন কৰে।

referee