বঢ়মপুৰ সমষ্টিৰ দুয়োখন আঞ্চলিক পঞ্চায়ত গঠন

বৃহস্পতিবাৰে নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ দুয়োখন আঞ্চলিক পঞ্চায়ত গঠন কৰা হয়। সৰ্বসন্মতিক্ৰমে বঢ়মপুৰ উন্নয়ন খণ্ড আৰু কঠীয়াতলি উন্নয়ন খণ্ডৰ সভাপতি, উপ-সভাপতি নিৰ্বাচন কৰি শপত গ্ৰহন আৰু কাৰ্যভাৰ গ্ৰহন কৰে।

author-image
Asomiya Pratidin
New Update
424

ডিজিটেল সংবাদ, বঢ়মপুৰ : বৃহস্পতিবাৰে নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ দুয়োখন আঞ্চলিক পঞ্চায়ত গঠন কৰা হয়। সৰ্বসন্মতিক্ৰমে বঢ়মপুৰ উন্নয়ন খণ্ড আৰু কঠীয়াতলি উন্নয়ন খণ্ডৰ সভাপতি, উপ-সভাপতি নিৰ্বাচন কৰি শপত গ্ৰহন আৰু কাৰ্যভাৰ গ্ৰহন কৰে।

বঢ়মপুৰ উন্নয়ন খণ্ডৰ সভাপতি হিচাপে নৃপেন খাখলাৰী আৰু উপ-সভানেত্ৰী হিচাবে জিমলি মহন্ত লগতে কঠীয়াতলী উন্নয়ন খণ্ডৰ সভানেত্ৰী হিচাপে বৰ্ণালী শইকীয়া আৰু উপ-সভানেত্ৰী হিচাপে ৰুমী শইকীয়া বৰা নিৰ্বাচিত হয়। নিৰ্বাচিত সকলো আঞ্চলিক পঞ্চায়তৰ সদস্যলৈ আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰে  কলিয়াবৰ জিলা বিজেপিৰ সভাপতি বাবুল বৰাই।

বৰাই নিৰ্বাচিত কাউঞ্চিলাৰসকলে ৰাইজৰ হকে নিষ্ঠাৰে সেৱা আগবঢ়াই যাব বুলি আশা প্ৰকাশ কৰে।

নগাঁও