/asomiyapratidin/media/media_files/2025/06/22/222-2025-06-22-22-34-14.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা : ৰাইজৰ দলে নগাঁও জিলাৰ ধিং সমষ্টিত ক্ৰমান্বয়ে সবল কৰিছে ভেঁটি। যোৱা পঞ্চায়ত নিৰ্বাচনত সমষ্টিটোত ৰাইজৰ দলে সীমিত সংখ্যক পঞ্চায়তত নিৰ্বাচন খেলি ভোটাৰৰ আশাব্যঞ্জক সঁহাৰি পোৱাত মনোবল বৃদ্ধি হৈছে দলীয় কৰ্মীসকলৰ।
সেই মনোবলকে আধাৰ হিচাপে লৈ ৰাইজৰ দলৰ নেতৃত্বই সমষ্টিটোত বহু কেইখন আঞ্চলিক সমিতি গঠনৰ পাছত দেওবাৰে সমষ্টিটোৰ অন্তৰ্গত ধিং ৰত্ন ভৱনত পূৰ্বৰ সভাপতি ছফিউল্লাহৰ সভাপতিত্বত শতাধিক দলীয় কৰ্মীৰ উপস্থিতিত অনুষ্ঠিত সাধাৰণ সভাত সৰ্বসন্মতি ক্ৰমে এখন ৪৬ জনীয়া বলিষ্ঠ সমষ্টি সমিতি গঠন কৰে।
সভাত বিভিন্ন আঞ্চলিক সমিতিৰ ভালেসংখ্যক প্ৰতিনিধি উপস্থিত থাকে। সভাখনত কেন্দ্ৰীয় সমিতিৰ হৈ উপস্থিত থাকে ৰাইজৰ দলৰ নগাঁও জিলা সমিতিৰ সভাপতি তথা ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ মুখপাত্ৰ মেহবুব মুক্তাৰ, নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক নীলমণি শইকীয়া, সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি জিয়াউৰ ৰহমান খান, ৰাইজৰ দলৰ নেতা প্ৰকাশ বৰুৱা, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাক্তন সভাপতি ৰাজু বৰাকে প্ৰমুখ্য কৰি কেবাজনো দলীয় জ্যেষ্ঠ নেতা।
এই সভাতে সৰ্বসন্মতি ক্ৰমে ধিং সমষ্টিৰ নতুন সমষ্টি সমিতিখন গঠন কৰি দিয়াৰ লগতে ধিং সমষ্টিৰ জাতীয় যুৱ বাহিনী আৰু সংখ্যালঘু কোষৰ সমষ্টি সমিতি দুখনো গঠন কৰি দিয়া হয়। তিনিওখন সমিতি ৪৬ জনীয়া।
উল্লেখ্য যে সভাই সৰ্বসন্মতিক্ৰমে শ্বৰীফ উদ্দিন আহমেদক সভাপতি আৰু অধিবক্তা মুকচিদুল ৰহমানক সাধাৰণ সম্পাদক হিচাপে লৈ ধিং সমষ্টি সমিতিৰ ৪৬ জনীয়া এখন বলিষ্ঠ সমিতি গঠন কৰি দিয়ে। একেদৰে প্ৰাক্তন আমছু নেতা আশ্বাদুল ইছলামক সভাপতি আৰু জহিৰুল ইছলামক সম্পাদক হিচাপে লৈ ধিং সমষ্টিৰ ৰাইজৰ দলৰ জাতীয় যুৱ বাহিনীৰ ৪৬ জনীয়া সমিতিখন গঠন কৰি দিয়ে।
তদুপৰি হবিবুৰ ৰহমান ফকিৰক সভাপতি আৰু যুটীয়াভাৱে বাহাৰুল ইছলাম আৰু মইনুল ইছলামক সম্পাদক হিটাপে লৈ ধিং সমষ্টিৰ সংখ্যালঘু মৰ্চাৰো এখন ৪৬ জনীয়া বলিষ্ঠ সমিতি গঠন কৰি দিয়া হয়। সভাত প্ৰতিজন বক্তাই নতুন সমিতিৰ দায়িত্ব লাভ কৰা সকলক শুভেচ্ছামূলক বক্তব্যৰে আগন্তুক দিনত সময় অপচয় নকৰাকৈ ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ বাবে একোজন সৈনিকৰ দৰে দলীয় কাম কাজ আগবঢ়াই দলটোক ৰাইজৰ মাজলৈ আগবঢ়াই নিবৰ বাবে আহ্বান জনাই।
লগতে সকলোৱে ২০২৬ত ধিং সমষ্টিটো ৰাইজৰ দলৰ দখললৈ আনিবলৈ সংকল্প গ্ৰহণ কৰি প্ৰতিটো দিন দলটোৰ হৈ কাম কৰি যাবলৈ আহ্বান জনায়। ইফালে ৰাইজৰ দললৈ আগমন ঘটিছে ছাত্ৰ তথা যুৱসমাজৰ।
ৰাইজৰ দলৰ নীতি -আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ আজি ৰাইজৰ দলত যোগদান কৰে ধিং সমষ্টিৰ কেইবাজনো ছাত্ৰ নেতাই। ধিং মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি মতিউৰ ৰহমান আৰু ব্লক কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদক ছাইফউদ্দিন আহমেদ, ছাত্ৰনেতা মেৰাজুল ইছলাম, এহিয়া আহমেদে আজি আনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগদান কৰে। এইসকল ছাত্ৰ আৰু যুৱসমাজৰ প্ৰতিনিধিৰ যোগদানে নিশ্চিতভাৱে দলটোক উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰে।