ভাৰতীয় বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ ১.০৫ বিলিয়ন ডলাৰ বৃদ্ধি

সাপ্তাহিক তথ্য অনুসৰি পৰ্যালোচনাধীন সপ্তাহটোত ভাৰতৰ বিদেশী মুদ্ৰাৰ সম্পত্তি হ্ৰাস পাইছে। লক্ষ্যণীয় যে, বিদেশী মুদ্ৰাৰ সম্পত্তি (এফচিএ) দেশৰ মুঠ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰৰ এক গুৰুত্বপূৰ্ণ অংশ। 

author-image
Asomiya Pratidin
New Update
fgdfgdf

ডিজিটেল ডেস্কঃ  নতুন উচ্চতা স্পৰ্শ কৰিবলৈ সক্ষম হৈছে ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ চৰকাৰী তথ্য অনুসৰি, ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰে ১.০৫ বিলিয়ন ডলাৰ স্পৰ্শ কৰিছে। ৩১ জানুৱাৰীত সমাপ্ত হোৱা সপ্তাহটোত ৬২৯.৫৫৭ বিলিয়ন ডলাৰ হৈছে বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ।

Advertisment

উল্লেখ্য যে, ২০২৪ চনৰ ছেপ্টেম্বৰৰ শেষৰ ফালে বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ সৰ্বকালৰ সৰ্বোচ্চ ৭০৪.৮৮৫ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছিল। কিন্তু শুকুৰবাৰে প্ৰকাশ পোৱা তথ্যত এই সংখ্যা ২০৭ মিলিয়ন ডলাৰ হ্ৰাস পাই ৫৩৭.৬৮৪ বিলিয়ন ডলাৰ হৈছে।

ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা সাপ্তাহিক তথ্য অনুসৰি পৰ্যালোচনাধীন সপ্তাহটোত ভাৰতৰ বিদেশী মুদ্ৰাৰ সম্পত্তি হ্ৰাস পাইছে। লক্ষ্যণীয় যে, বিদেশী মুদ্ৰাৰ সম্পত্তি (এফচিএ) দেশৰ মুঠ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰৰ এক গুৰুত্বপূৰ্ণ অংশ। 

আনহাতে চলিত সপ্তাহটোত সোণৰ ভাণ্ডাৰ ১.২৪২ বিলিয়ন ডলাৰ বৃদ্ধি পাই ৭০.৮৯৩ বিলিয়ন ডলাৰ হৈছে। আৰ বি আইৰ তথ্য অনুসৰি বিশেষ ড্ৰয়িং ৰাইট (এছ ডি আৰ) ২৯ মিলিয়ন ডলাৰ বৃদ্ধি পাই ১৭.৮৮৯ বিলিয়ন ডলাৰ হৈছে।

এপেক্স বেংকৰ তথ্য অনুসৰি আই এম এফৰ সৈতে ভাৰতৰ ৰিজাৰ্ভ পজিচন ৰিপ’ৰ্ট সপ্তাহত ১৪ মিলিয়ন ডলাৰ হ্ৰাস পাই ৪.১৪১ বিলিয়ন ডলাৰ হৈছে।

উল্লেখ্য যে, ভাৰতীয় ৰিজাৰ্ভ বেংকে বৈদেশিক মুদ্ৰাৰ বজাৰবোৰ অতি মনোযোগেৰে নিৰীক্ষণ কৰি আহিছে। দেশৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰে অন্তিমবাৰৰ বাবে ২০২১ চনৰ অক্টোবৰত সৰ্বকালৰ সৰ্বোচ্চ স্তৰ স্পৰ্শ কৰিছিল । তাৰ পিচত হোৱা বেছিভাগ হ্ৰাসৰ কাৰণ ২০২২ চনত আমদানিকৃত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে হ'ব পাৰে ।

বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ