/asomiyapratidin/media/media_files/2025/04/20/PFlxbIoStXeveIhHsXVl.jpg)
ডিজিটেল ডেস্কঃ ভাৰতৰ বৈদেশিক মুদ্ৰাৰ বজাৰ বজাৰখন দিনকদিনে সম্প্ৰসাৰণ হৈয়ে আছে। শেহতীয়াকৈ এক প্ৰতিবেদনত উল্লেখিত তথ্য অনুসৰি, যোৱা ৪বছৰত ভাৰতৰ বৈদেশিক মুদ্ৰাৰ বজাৰখন ৪গুণ উত্থান হৈছে। ২০২০ চনত গড় দৈনিক ব্যৱসায় ৩২ বিলিয়ন মাৰ্কিন ডলাৰৰ পৰা ২০২৪ চনত ৬০ বিলিয়ন মাৰ্কিন ডলাৰলৈ প্ৰায় দুগুণ বৃদ্ধি হোৱাৰ কথা সদৰি কৰে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে।
এই সন্দৰ্ভত এক বিবৃতিত চৰকাৰৰ ফালৰ পৰা কোৱা হয় যে, যোৱা কেইবছৰমানৰ পৰা আমি এনে উল্লেখযোগ্য উন্নয়ন দেখিছো যিয়ে আমাৰ বজাৰসমূহক এক গতিশীল আৰু স্থিতিস্থাপক শক্তিলৈ ৰূপান্তৰিত কৰিছে। বিদেশৰ বজাৰত গড় দৈনিক টাৰ্ণঅভাৰ ২০২০ চনত ৩২ বিলিয়ন মাৰ্কিন ডলাৰৰ পৰা ২০২৪ চনত ৬০ বিলিয়ন মাৰ্কিন ডলাৰলৈ প্ৰায় দুগুণ বৃদ্ধি পাইছে”।
একেদৰে চৰকাৰী ছিকিউৰিটিজ (জি-ছেকচ) বজাৰত দৈনিক গড় পৰিমাণ ৪০ শতাংশ বৃদ্ধি পাই একে সময়ছোৱাত ৬৬ হাজাৰ কোটি টকা হৈছেগৈ। বিশ্বব্যাপী প্ৰত্যাহ্বানৰ মাজতো ভাৰতৰ চৰকাৰী ছিকিউৰিটিজ বজাৰখন গোটেই বছৰটো সুস্থিৰ হৈ আছে। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মুঠ বজাৰ ঋণ ২০২৪-২৫ বিত্তীয় বৰ্ষত মুঠ ২৪.৭ লাখ কোটি টকা হৈছিল আৰু সুকলমে সম্পূৰ্ণ হৈছিল।