Advertisment

নামেৰী ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীৰে বনকৰ্মীৰ সংঘৰ্ষ…

উক্ত সংঘৰ্ষত নিহত হয় এজন চোৰাং চিকাৰী । ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত পহু নিধন কৰিবলৈ আহিছিল চোৰাং চিকাৰীটো ৷ চোৰাং চিকাৰীটোৱা মৃত্যুৰ পূৰ্বে এটা পহুও হত্যা কৰিছিল। 

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ  নামেৰী ৰাষ্ট্ৰীয় উদ্যানত বন্যজীৱৰ সন্ধানত প্ৰৱেশ কৰা চোৰাং চিকাৰীৰ সৈতে সংঘৰ্ষত লিপ্ত হ’ব লগা হয় উদ্যানখনত কৰ্মৰত বনকৰ্মী ।নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ আঞ্চলিক কাৰ্যালয়ৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ দূৰত্বত তথা ৰাষ্ট্ৰীয় উদ্যানখনৰ ঘন জংঘলৰ মাজত গুলীয়াগুলীত লিপ্ত হয় দুয়ো পক্ষ ।

Advertisment

উল্লেখযোগ্য যে উক্ত সংঘৰ্ষত নিহত হয় এজন চোৰাং চিকাৰী । ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত পহু নিধন কৰিবলৈ আহিছিল চোৰাং চিকাৰীটো ৷ চোৰাং চিকাৰীটোৱা মৃত্যুৰ পূৰ্বে এটা পহুও হত্যা কৰিছিল। 

বনৰক্ষীৰ দলে চলোৱা অভিযানৰ সময়ত চোৰাংচিকাৰীয়ে বনৰক্ষীলৈ অতৰ্কিতে গুলীচালনা কৰে৷ প্ৰত্যুত্তৰত বনৰক্ষীয়েও গুলীয়াই প্ৰত্যুত্তৰ দিয়াত এজন চোৰাং চিকাৰী নিহত হয়৷ ঘটনাস্থলীৰ পৰা বনৰক্ষীৰ দলটোৱে এটা হস্তনিৰ্মিত বন্দুক আৰু এটা মৃত  পহু উদ্ধাৰ কৰিছে৷ নিহত লোকজনৰ পৰিচয় এইপৰ্যন্ত উদ্ধাৰ হোৱা নাই৷

নামেৰী ৰাষ্ট্ৰীয় উদ্যান