/asomiyapratidin/media/media_files/2025/06/29/vvxvxv-2025-06-29-17-27-05.jpg)
ডিজিটেল সংবাদ, চাপৰঃ যি সময়ত মুখ্যমন্ত্ৰীয়ে অমৃত বৃক্ষ আন্দোলনৰে অসমখন সেউজীয়া কৰিবলৈ বিভিন্ন আঁচনি হাতত লৈছে তেনে সময়ত শালকোচা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ বনাঞ্চলত বনধ্বংসই প্ৰকৃতিপ্ৰেমী আৰু সচেতন মহলক চিন্তিত কৰিছে।
প্ৰাপ্ত অভিযোগ মতে, ধুবুৰী জিলাৰ বিলাসীপাৰা সমজিলাৰ অন্তৰ্গত শালকোচা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ সৰ্পমাৰী পাহাৰত চলিছে বনজ সম্পদৰ নিধন যজ্ঞ। শালকোচা আঞ্চলিক বনাঞ্চলৰ অন্তৰ্গত সৰ্পমাৰী সংৰক্ষিত বনাঞ্চলত অভিযোগ অনুসৰি চৰকাৰী দৰমহাৰে পেট নভৰা একাংশ বন বিষয়াৰ সহোযোগত বনদস্যুয়ে নিশা মূল্যবান গছ কাটি তহিলং কৰিছে। সৰ্পমাৰী বিট কাৰ্যালয়ৰ নিচেই কাষত একাংশ বনদস্যুই শাল, চেগুন আদিৰ দৰে মূল্যবান গছ কাটি তহিলং কৰিছে সংৰক্ষিত বনাঞ্চলখন।
বনাঞ্চল খনৰ নিচেই কাষত বিট ফৰেষ্ট থকাৰ পিছতো বনজ সম্পদ তহিলং কৰা ঘটনাই চিন্তিত কৰি তুলিছে প্ৰকৃতিপ্ৰেমীক। ইপিনে সংৰক্ষিত বনাঞ্চল খনত গছ কটা বাতৰি লাভ কৰি একাংশ সংবাদ কৰ্মী সংবাদ পৰিবেশন কৰাৰ উদ্দেশ্যে সৰ্পমাৰী সংৰক্ষিত বনাঞ্চলত উপস্থিত হয় যদিও শালকোচা বনাঞ্চলিক বন বিষয়া গৰাকীয়ে নিজৰ দুৰ্বলতা উদঙাই যোৱাৰ ভয়ত সংবাদকৰ্মী সকলোক ভয় ভাবুকি দিয়াৰ অভিযোগ উঠিছে। বনজ সম্পদ ধ্বংস কৰা বনদস্যু সকলোক কৰায়ত্ত কৰি উপযুক্ত শাস্তি প্ৰদান কৰাৰ বিপৰীতে বাতৰি সম্প্ৰচাৰণ কৰিলে নতুবা কোনোবাই বাইট প্ৰদান কৰিলে তেওঁৰ বিৰুদ্ধে এজাহাৰ দিয়াৰ ভাবুকি প্ৰদান কৰাৰ লগতে বনাঞ্চলত সাংবাদিক সুমাব নোৱাৰিব বুলি এক প্ৰকাৰ ভাবুকি দিয়ে। বনাঞ্চল খনক সুৰক্ষা দিয়াত ব্যৰ্থ হোৱা বিষয়া গৰাকীয়ে সাংবাদিকৰ পৰা খবৰ দিয়োতা জনৰ নাম পৰিচয় লাগে। এনে কাণ্ডই এতিয়া চিন্তিত কৰি তুলিছে সচেতন মহলক। উক্ত বিষয়ত উচিত তদন্ত কৰি বিহীত ব্যৱস্থা ল'বলৈ প্ৰশাসনৰ ওচৰত দাবী জনাইছে সচেতন ৰাইজে।