মুখ্যমন্ত্ৰীৰ সুৰতেই সুৰ মিলালে মুখ্য বন সংৰক্ষক বিষয়াইঃ ক'লে- তেওঁলোকক জীপ চাফাৰীৰ বাবে ময়েই অনুমতি দিছিলো...

১৫ অক্টোবৰ নহয়, ২ অক্টোবৰতেই মুকলি কৰা হ'ব কাজিৰঙা...

author-image
Asomiya Pratidin
New Update
মুখ্যমন্ত্ৰীৰ সুৰতেই সুৰ মিলালে মুখ্য বন সংৰক্ষক বিষয়াইঃ ক'লে- তেওঁলোকক জীপ চাফাৰীৰ বাবে ময়েই অনুমতি দিছিলো...

m k yadav

ডিজিটেল ডেস্কঃ নিশা কাজিৰঙাত জীপ চাফাৰী কৰি বন্যপ্ৰাণী সুৰক্ষা আইন ১৯৭২ ভংগৰ অভিযোগ উত্থাপিত হোৱাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বন সংৰক্ষকে অনুমতি প্ৰদান কৰিলে সকলোৱে নিশা জীপ চাফাৰী কৰিব পাৰে বুলি মন্তব্য কৰাৰ পিছতে এতিয়া তেওঁৰ সুৰতেই সুৰ মিলাইছে ৰাজ্যৰ মুখ্য বন সংৰক্ষক এম কে যাদৱে। মুখ্য বন সংৰক্ষকগৰাকীয়ে শেহতীয়াকৈ সৃষ্টি হোৱা বিতৰ্ক সন্দৰ্ভত নিজৰ স্পষ্টিকৰণ প্ৰদান কৰি কৈছে যে, তেওঁ সেইদিনা নিশা জীপ চাফাৰীৰ বাবে মুখ্যমন্ত্ৰী গৰাকীৰ সৈতে তেওঁৰ দলটোক অনুমতি প্ৰদান কৰিছিল।

Advertisment

উল্লেখ্য যে, কাজিৰঙাত অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ চিন্তন বৈঠকত ভাগল'বলৈ আহি সদগুৰু জাগ্গি বাসুদেৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাষত বহুৱাই নিজেই নিশা জীপ চলাই কাজিৰঙা পৰিদৰ্শন কৰিছিল।

একেখন জীপতে আছিল পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাও। কাজিৰঙাত এইদৰে নিশা জীপ চাফাৰী কৰি বন্য প্ৰাণী সুৰক্ষা আইন ভংগ কৰাৰ বিৰুদ্ধে ৰাজ্যৰ লগতে সমগ্ৰ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এনে প্ৰতিক্ৰিয়াৰ প্ৰতি লক্ষ্য ৰাখিয়েই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাজিৰঙাৰ নৈশ জীপ চাফাৰীৰ সেই টুইট ডিলিট কৰিবলৈ বাধ্য হৈছে।

এনে এক পৰিস্থিতিত মুখ্য বন সংৰক্ষক এম কে যাদৱে সমগ্ৰ ঘটনা সন্দৰ্ভত মন্তব্য কৰিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উত্থাপিত অভিযোগ ভিত্তিহীন। তেওঁলোকক কাজিৰঙাত নিশা জীপ চাফাৰী কৰিবলৈ তেওঁৱেই অনুমতি প্ৰদান কৰিছিল।

তেওঁ কয় যে,- মুখ্যমন্ত্রী গৰাকী উদ্যানৰ ভিতৰ ভাগত সোমোৱাৰ ক্ষেত্রত কোনো বাধা নাই। তেওঁৰ মতে- কাজিৰঙা সন্দৰ্ভত জ্ঞান নথকা একাংশ লোকেহে অপপ্ৰচাৰত লিপ্ত হৈছে। তেওঁ কয়, মই চীফ ৱাইল্ড লাইফ ৱাৰ্ডেন, মই তেওঁলোকক অনুমতি দিছিলো।

ইয়াৰ উপৰিও তেওঁ কয়, কাজিৰঙাক বদনাম কৰিব বিচৰা লোকেহে সমগ্ৰ ঘটনা সন্দৰ্ভত অপপ্ৰচাৰ চলাই আহিছে। উল্লেখ্যে যে কাজিৰঙাত চলি থকা চিন্তন বৈঠকত অংশগ্ৰহণ কৰিবলৈ আহি এম কে যাদৱে সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰিছে। লগতে তেওঁ অহা ২ অক্টোবৰত কাজিৰঙা সাধাৰণ পৰ্যটকৰ বাবে মুকলি কৰা হ'ব বুলিও মন্তব্য কৰিছে।

তাৎপৰ্যপূৰ্ণ ভাৱে এই একেজন মুখ্য বন সংৰক্ষকে ইয়াৰ পূৰ্বে কাজিৰঙা ১৫ অক্টোবৰতহে মুকলি হ'ব বুলি মন্তব্য কৰিছিল। ইফালে বন্যপ্ৰাণী সংৰক্ষণ আইন ১৯৭২ ভংগ কৰাৰ অভিযোগ উত্থাপন কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰো দাখিল হৈছে। দাবী উত্থাপন হৈছে পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু সদগুৰুক গ্ৰেপ্তাৰৰ।

kaziranga himanta biswa sarma sadguru