/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/90707f50-0260-4f13-a7e6-7bd998a4e829/bon.jpg)
Bon swahid dibash
ডিজিটেল সংবাদ, লখিমপুৰঃ ৰাজ্যৰ বন বিভাগৰ উদ্যোগত ৰাজ্যজুৰি দেওবাৰে ১৮ সংখ্যক বন শ্বহীদ দিৱস উদযাপন কৰা হয় ৷ ১১ চেপ্তেম্বৰৰ দিনটো ৰাজ্যৰ বন কৰ্মী সকলে শ্বহীদ দিৱস হিচাবে উদযাপন কৰি আহিছে ৷
কৰ্তব্যৰ খাতিৰত আত্ম বলিদান দিয়া বন কৰ্মী সকলৰ আত্মাৰ সদগতিৰ অৰ্থে এই দিৱস উদযাপন কৰা হয় ৷ তদুপলক্ষে লখিমপুৰ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত দেওবাৰে জিলাখনৰ বন বিষয়া সকল উপস্থিত হৈ ৰাজ্যৰ ২১৯ গৰাকী বন শ্বহীদলৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ৷
শ্বহীদ বেদীত শ্বহীদ তৰ্পন লগতে শ্বহীদ সকলৰ আত্মাৰ সদগতিৰ অৰ্থে মৌন প্ৰাৰ্থনা আৰু এফাঁকি ঘোষাৰে শ্বহীদ সকললৈ শ্ৰদ্ধা নিবেদন কৰে বন বিষয়া সকলে ৷