/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/07/dangor-khobr-19.jpg)
ডিজিটেল ডেস্ক : কাছাৰৰ ভুৱন পাহাৰত সংঘটিত হৈছে বনজুইৰ সূত্রপাতৰ ঘটনা। বৃহস্পতিবাৰে নিশা দাউ-দাউকৈ জ্বলি উঠে পাহাৰৰ গছ-গছনি।
উল্লেখযোগ্য যে ভুৱন তীৰ্থ মেলা চলি থকাৰ সময়তে সংঘটিত হয় এই ঘটনা। অৱশ্যে এই ঘটনাত ক্ষয়- ক্ষতিৰ সম্পৰ্কত একো খবৰ এতিয়ালৈকে অহা নাই।
ইতিমধ্যে ঘটনাৰ পাছতে জুই নিয়ন্ত্রণৰ বাবে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোক। ইফালে পাহাৰৰ প্রায় ৬ কিঃ মিঃ ওপৰত আছে হনুমান মন্দিৰ। এই মন্দিৰৰ সমীপতে অগ্নিকাণ্ডৰ সূত্রপাত হোৱা বুলি স্থানীয় লোকে ভাষ্য প্ৰদান কৰে।