চিৰাঙত চোৰাং কাঠ সৰবৰাহকাৰীৰ বিৰুদ্ধে বন বিভাগৰ অভিযান...

প্ৰায় ৫ লক্ষাধিক টকা মূল্যৰ ১৮ ট্ৰেক্টৰ ভৰ্তি চোৰাং কাঠ জব্দ

author-image
Asomiya Pratidin
New Update
চিৰাঙত চোৰাং কাঠ সৰবৰাহকাৰীৰ বিৰুদ্ধে বন বিভাগৰ অভিযান...

ট্ৰেক্টৰ ভৰ্তি চোৰাং কাঠ জব্দ

ডিজিটেল সংবাদ, চিৰাঙঃ চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ সংৰক্ষিত বনাঞ্চল ধ্বংস কৰি চোৰাং কাঠ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে বন বিভাগৰ অভিযান। মঙলবাৰে দিনৰ ভাগত চিৰাঙ বন বিভাগৰ এটা দলে অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰে।

Advertisment

বন বিভাগৰ সূত্ৰই জানিবলৈ দিয়া মতে আজি দুপৰীয়াৰ ভাগত এক গোপন সূত্ৰৰ পম খেদি ৰুণীখাতা ফৰেষ্ট ৰেঞ্জৰ অন্তৰ্গত দেউশ্ৰী বিট অফিচাৰৰ নেতৃত্বত বন বিভাগৰ এটা দলে চিৰাং -ৰিপু সংৰক্ষিত বনাঞ্চলৰ কৰাইবাৰী গাঁৱত অভিযান চলাই ১৮ ট্ৰেক্টৰ ভৰ্তি চোৰাং কাঠ জব্দ কৰে।

বন বিভাগে জব্দ কৰা চোৰাং কাঠ
বন বিভাগে জব্দ কৰা চোৰাং কাঠ

বন বিভাগে জনোৱা অনুসৰি, জব্দ কৰা চোৰাং কাঠখিনি বৰ্তমান দেউশ্ৰী বিট অফিচলৈ আনিছে । জব্দ কৰা চোৰাং কাঠখিনিৰ বজাৰ মূল্য প্ৰায় ৫ লক্ষাধিক টকা হ'ব বুলি প্ৰাথমিক পৰ্যায়ত অনুমান কৰিছে। অৱশ্যে অভিযানকালত চোৰাং কাঠ সৰবৰাহৰ সৈতে জড়িত কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই ।

assam forest department chirang police