/asomiyapratidin/media/media_files/2025/07/01/bbbbbb-2025-07-01-14-46-37.jpg)
ডিজিটেল সংবাদ, ধুবুৰীঃ সাপটগ্ৰাম বন কাঠাগাৰৰ ভাৰপ্ৰাপ্ত বিষয়া শাহাবাজ চুলতানৰ নেতৃত্ব যোৱা বন বিভাগৰ এটি দলে ভেলাকোৱা তৃতীয় খণ্ড অঞ্চলত অভিযান চলাই এটা অবৈধ কাঠ ফলা মিল উচ্ছেদ কৰে। মিলটোৰ পৰা যাবতীয় সা-সৰঞ্জাম খিনিও জব্দ কৰে বন বিভাগে। ধুবুৰী বন বিভাগৰ ডিএফঅ'ৰ নিৰ্দেশত চলিছিল এই অভিযান।
উল্লেখযোগ্য যে, সাপটগ্ৰাম বন কাঠাগাৰৰ ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্ব লৈয়ে ভাৰপ্ৰাপ্ত বিষয়া শাহাবাজ চুলতানে এতিয়ালৈ ৩টাকৈ অবৈধ মিল জব্দ কৰাৰ বাতৰি পোৱা গৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us