/asomiyapratidin/media/media_files/2025/02/21/L2pzHJuvTKDe6qiOpg38.jpg)
বন বিভাগৰ অভিযান : কাঠৰ কুণ্ডাসহ নাঁও জব্দ
ডিজিটেল সংবাদ,পৰ্বতঝোৰা : পৰ্বতঝোৰাত শুকুৰবাৰে বন বিভাগে মাৰাথন অভিযান চলায়। এই অভিযানত দেৱীতলা বৰভিটা শিলাই নদীৰ পৰা বৃহৎ পৰিমাণৰ কাঠৰ কুণ্ডাসহ দুখন নাওঁ জব্দ কৰিবলৈ সক্ষম হয়।
উল্লেখযোগ্য যে কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা বন সংমণ্ডলৰ অন্তৰ্গত খোৰাঘাট বনাঞ্চলিক বিষয়া কাৰ্য্যালয়ৰ বন কৰ্মীয়ে এক গোপন খবৰৰ ভিত্তিত দেৱীতোলা বৰভিটাৰ শিলাই নদীত অভিযান চলাইছিল। বন বিভাগৰ ভাষ্য অনুসৰি জব্দকৃত কাঠখিনিৰ বজাৰ মূল্য অনুমানিক ৫লাখ টকা হ’ব বুলি ধাৰণা কৰা হৈছে।
ইফালে কাঠৰ কুণ্ডা আৰু নাওঁ দুখন জব্দ কৰি খোৰাঘাট বনাঞ্চলিক কাৰ্য্যালয়লৈ আনি তদন্ত অব্যাহত ৰাখিছে বন বিভাগে।