ধুবুৰীৰ মেদেৰটাৰীত বন বিভাগৰ অভিযানঃ ৩ টা অবৈধ কাঠ ফলা মিলত উচ্ছেদ

ধুবুৰীত আজি বন বিভাগৰ নেতৃত্বত তিনিটাকৈ অবৈধ কাঠফলা মিল উচ্ছেদ কৰা হয়। উচ্ছেদ কৰা কাঠ ফলা মিল কেইটাৰ পৰা বিভিন্ন সা-সৰঞ্জামৰ লগতে কাঠৰ কুণ্ডাও জব্দ কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
ধুবুৰীৰ মেদেৰটাৰীত বন বিভাগৰ অভিযানঃ ৩ টা অবৈধ কাঠ ফলা মিলত উচ্ছেদ

ডিজিটেল সংবাদ ধুবুৰীঃ ধুবুৰীত আজি বন বিভাগৰ নেতৃত্বত তিনিটাকৈ অবৈধ কাঠফলা মিল উচ্ছেদ কৰা হয়। জানিব পৰা মতে ধুবুৰী বন সংমণ্ডলৰ বন প্ৰাধিকাৰী গোলাপ কুমাৰ বনিয়াৰ নিৰ্দেশত ধুবুৰী বন বিভাগৰ এছিএফ চক্ৰপানি ৰায়ৰ নেতৃত্বত এই অভিযান চলিছিল। 

Advertisment

ধুবুৰী ফৰেষ্ট চেক ষ্টেচনৰ বন আঞ্চলিক বিষয়া ছফিকুৰ ৰহমান আৰু ধুবুৰী বন সুৰক্ষা বাহিনীৰ ভাৰপ্ৰাপ্ত বিষয়া দীপংকৰ চৌধুৰীৰ সহযোগত বন বিভাগৰ দলটোৱে ধুবুৰীৰ বন বিভাগৰ অধীনস্থ মেদেৰটাৰী এলেকাত অভিযান চলাইছিল। এই অভিযানৰ সময়ত বন বিভাগৰ দলটো বন ধ্বংসকাৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰা দেখা যায়। 

দলটোৱে মেদেৰটাৰী অঞ্চলৰ পৰা তিনিটা কৈ অবৈধ কাঠ ফলা মিল উচ্ছেদ কৰি মিল কেইটাৰ সা-সৰঞ্জামখিনিও জব্দ কৰিছে। অৱশ্যে বন বিভাগৰ অভিযানৰ খবৰ লাভ কৰাত অবৈধ কাঠ ফলা মিল কেইটাৰ পৰা আটাই কেইজন লোকে পলায়ন কৰে। 

বন বিভাগৰ দলটোৱে কাঠ ফলা মিলটোৰ পৰা ভালে সংখ্যক কাঠৰ কুণ্ডাও জব্দ কৰিছে। 

বন বিভাগ অবৈধ কাঠ