/asomiyapratidin/media/media_files/2025/03/21/rZUaZaRrzJLK4FSyt1p7.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনা সমজিলাত সুদীর্ঘ দিন ধৰি চলি থকা মূল্যবান বনজ সম্পদৰ অবৈধ চোৰাং বেহাখনৰ শুক্ৰবাৰে নিশা পুনৰাবৃত্তি ঘটিল ঢকুৱাখনাত। আজি আন্তঃৰাষ্ট্ৰীয় বন দিৱসৰ দিনাই বন বিভাগৰ এক চোৰাং বন ব্যৱসায়ী চক্ৰ ঢকুৱাখনা বন বিভাগৰ জালত পৰিল।
চুবুৰীয়া জিলা মাজুলীৰ পৰা ঢকুৱাখনা অভিমুখে এ এছ ২৯ চি ০৭৬৫ নম্বৰৰ এখন টাটা ক্ষুদ্ৰ ট্ৰাকেৰে নিশা প্ৰায় ৮ বজাত বৃহৎ পৰিমাণৰ মূল্যবান চোৰাং কাঠ ঢকুৱাখনা অভিমুখে সৰবৰাহ কৰাৰ তথ্য লাভ কৰিছিল ঢকুৱাখনাৰ খণ্ড বন বিষয়া কৰবী হাজৰিকাই।
পাৰিপাৰ্শ্বিক পৰিবেশ বিঘ্নিত কৰি জনজীৱনলৈ প্ৰচণ্ড ভাবুকি মাতি বন ধ্বংস অভিযানত জড়িত এই চোৰাং বনজ সম্পদৰ বেপাৰীৰ খবৰ লাভ কৰি বন বিষয়া হাজৰিকাৰ নেতৃত্বত আৰু শান্তনু গগৈৰ সহযোগিতাত চলে গোপন অভিযান ।
মাজুলী- ঢকুৱাখনা লোকনিৰ্মান পথেৰে এইখন বাহনেৰে বৃহৎ পৰিমাণৰ কাঠ আনি থকা অৱস্থাত অভিযানকাৰী বন বিষয়াই ধৰা পেলাই সোনাৰী চাপৰিৰ পৰা পাছে পাছে খেদি যায় । অৱশেষত বন বিভাগৰ দলটোৱে চালক সহ চোৰাং বনজ সম্পদ ভৰ্তি বাহনখন প্ৰায় ১৫ কিলোমিটাৰ খেদি খেদি বামুণ গাঁওৰ সমীপত গাড়ীখন আটক কৰিবলৈ সক্ষম হয় ।
বন বিভাগে জনোৱা মতে মাজুলী জিলাৰ পৰা ঢকুৱাখনা সমজিলাৰ এক অজ্ঞাত স্থানলৈ ৰাজহ ফাঁকিৰে সৰবৰাহ কৰিছিল বনজ সম্পদখিনি । কিন্তু চালকসহ দুজন কাঠ ব্যৱসায়ী পলাই যাবলৈ সক্ষম হয় ।
ঢকুৱাখনা বন বিভাগে এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰি চোৰাং বনজ সম্পদসহ বাহনখন জব্ধ কৰি বন বিভাগলৈ আনিছে। চোৰাং বনজ সম্পদৰ এই গোপন বেহাৰ বিৰুদ্ধে ঢকুৱাখনা বন বিভাগৰ সফল অভিযানৰ শলাগ লৈছে প্ৰকৃতি প্ৰেমী সকলে।