/asomiyapratidin/media/media_files/2024/12/09/ubA0SYUVQTGsAoqJ2zib.jpg)
ডিজিটেল ডেস্কঃ ভাৰত আৰু বাংলাদেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ বিষয়ে আলোচনা কৰিবলৈ সোমবাৰে পুৱা ঢাকাত উপস্থিত হয় ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰী। মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৱৰ্তীকালীন চৰকাৰখনে বাংলাদেশত দায়িত্ব লোৱাৰ পিছত এইটোৱেই প্ৰথম উচ্চ পৰ্যায়ৰ চৰকাৰী ভ্ৰমণ হিচাপে চিহ্নিত হৈছে ।
শেহতীয়াকৈ বাংলাদেশত সংখ্যালঘু লোকৰ বিৰুদ্ধে হিংসাত্মক ঘটনা বৃদ্ধি পোৱাৰ লগতে চট্টগ্ৰামত আধ্যাত্মিক নেতা চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ কৰাৰ পিছৰে পৰা ভাৰতত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ । এই ঘটনাৰ পিছতে আজি বাংলাদেশৰ ৰাজধানী ঢাকাত উপস্থিত হয় ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰী ।
দুয়োখন দেশৰ বৈদেশিক সচিবৰ নেতৃত্বত গঠিত প্ৰতিনিধি দলটোৱে দুয়োখন দেশৰ বাবে স্থাপন কৰা বৈদেশিক কাৰ্যালয়ত সামগ্ৰিক বিষয়সমূহৰ সন্দৰ্ভত দ্বিপাক্ষিক আলোচনা কৰাৰ সম্ভাৱনা আছে।
৪ ডিচেম্বৰত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা ছফিকুল আলমে পাৰস্পৰিক স্বাৰ্থৰ বিষয়ত দুয়োখন দেশৰ বৈদেশিক সচিবে আলোচনাত মিলিত হ’ব বুলি উল্লেখ কৰিছিল । চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ বৈদেশিক উপদেষ্টা (মন্ত্ৰী) ম. টৌহিদ হুছেইনে ভাৰতৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী এছ জয়শংকৰৰ লগত এক আলোচনাত মিলিত হৈছিল । দুয়োগৰাকী নেতাই দুয়োখন দেশৰ মাজত সু-সম্পৰ্ক ৰক্ষা কৰাৰ সিদ্ধান্ত লৈছিল ।
তাৰৰিছতো বাংলাদেশত সংখ্যালঘু লোকৰ ওপৰত আক্ৰমণ অব্যাহত আছে। ৬ ডিচেম্বৰত ঢাকাৰ উপকণ্ঠ অঞ্চলত আন এটা হিন্দু মন্দিৰত অগ্নিসংযোগ কৰাৰ ঘটনা পোহৰলৈ আহিছে। শুকুৰবাৰে নিশা ঢাকাৰ উত্তৰ ধোৰ গাঁৱৰ মহাভাগ্য লক্ষ্মীনাৰায়ণ মন্দিৰত আক্ৰমণ কৰা গৈছিল ।
আধ্যাত্মিক নেতা চিন্ময় কৃষ্ণ দাসকো দেশদ্ৰোহৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল বাংলাদেশত । ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ব্যক্তিজনৰ আইনী অধিকাৰ যাতে সুৰক্ষিত হয় তাৰ বাবে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰক হেঁচা প্ৰয়োগ কৰিছিল ।
সেয়া যি নহওক দুয়োখন দেশৰ বৈদেশিক সচিবে আলোচনাৰ অন্তত কি সিদ্ধান্ত লয় তাৰ ওপৰত দৃষ্টি ৰাখিছে বহুতে ।