মিজোৰামত ৬৯ লাখ টকাৰ বিদেশী চিগাৰেট জব্দ...

author-image
Asomiya Pratidin
New Update
মিজোৰামত  ৬৯  লাখ টকাৰ  বিদেশী চিগাৰেট  জব্দ...

silchar

ডিজিটেল সংবাদ শিলচৰ: মিজোৰামত উদ্ধাৰ কৰা হৈছে বুজণ পৰিমাণৰ বিদেশী চিগাৰেট৷ অসম ৰাইফলছ আৰু শুল্ক বিভাগে অভিযান চলাই মঙলবাৰে মিজোৰাম-ম্যয়ানমাৰ সীমান্তৰ 'টিয়াকাউন'ত জব্দ কৰে ৫৩ টি বিদেশী চিগাৰেট ভর্তি কার্টুন ।

Advertisment

জব্দ কৰা এই চিগাৰেটখিনিৰ মূল্য ৬৮ লাখ ৯০ হাজাৰ টকা হ'ব বুলি সদৰী কৰিছে অসম ৰাইফলছে ৷ অসম ৰাইফলছৰ ২৩ ছেক্টৰ বেটেলিয়ন আৰু মিজোৰামৰ চাম্পাইস্থিত শুল্ক বিভাগৰ যুটীয়া অভিযানত চিগাৰেটখিনি জব্দ কৰা হ'লেও কোনো লোকক গ্ৰেপ্তাৰ কৰিব পৰা নাই৷ পিচত জব্দ কৰা চিগাৰেট খিনি শুল্ক বিভাগক গতাই দিয়া হয় ৷

Silchar mizoram