/asomiyapratidin/media/media_files/2025/04/10/SynERbkUIioHaWWyKX1Y.jpg)
ডিজিটেল সংবাদ, চিৰাং : "VIBRANT BTR MISSION" ৰ সতে সংগতি ৰাখি বিটিআৰক বিকাশ আৰু উন্নতিৰ পথত আগুৱাই নিয়াৰ লক্ষ্যৰে বুধবাৰ নিশা চিৰাং জিলাৰ বঙাইগাঁও শোধনাগাৰৰ বিনোদন কেন্দ্ৰত প্ৰথমবাৰৰ বাবে চিৰাং জিলা ভিত্তিক অধিবেশন অনুষ্ঠিত হয়। বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োৰ উপস্থিতিত অনুষ্ঠিত উক্ত অধিবেশনত চিৰাং জিলাৰ আয়ুক্ত, আৰক্ষী অধীক্ষকৰ পৰা আৰম্ভ কৰি জিলাখনৰ শিক্ষা, স্বাস্থ্য, কৃষিখণ্ডৰ উপৰি প্ৰতিটো বিভাগৰ মুৰব্বী বিষয়াৰ লগতে তৃতীয় বৰ্গৰ বিষয়া-কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে ৷
অনুষ্ঠানৰ আদৰণি ভাষণ আগবঢ়াই জিলা আয়ুক্ত যতীন বৰাই । তাৰ পিছতেই দৃশ্য-শ্ৰাৱ্যৰ মাধ্যমেৰে প্ৰমোদ বড়োৰ বিটিআৰ শাসনকালৰ চাৰিবছৰৰ উল্লেখ্যযোগ্য বিভিন্ন আঁচনিৰ উন্নয়নমূলক কামকাজৰ এক চমু খতিয়ান দাঙি ধৰা হয়।
/asomiyapratidin/media/media_files/2025/04/10/iILuVbvD6XZGs5UJ5nNm.jpg)
অনুষ্ঠানত প্ৰমোদ বড়োই জিলা শিক্ষা বিভাগ, স্বাস্থ্য বিভাগ, লোকনিৰ্মান বিভাগ, ভূমি আৰু ৰাজহ বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ সৈতে প্ৰত্যক্ষভাৱে মত বিনিময় কৰে। লগতে জিলাখনত চলি থকা সংশ্লিষ্ট বিভাগসমূহৰ বৰ্তমান সময়ৰ কামকাজৰ বুজ লয় আৰু সন্তুষ্টি প্ৰকাশ কৰে ।
/asomiyapratidin/media/media_files/2025/04/10/VwcAiq6lgZoJX4EccXFh.jpg)
তাৰ পিছত প্ৰমোদ বড়োই ভাষণ প্ৰসংগত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সমগ্ৰ ভাৰতবৰ্ষক এখন সমৃদ্বিশালী বিকশিত ভাৰত হিচাপে গঢ় দিয়াৰ লক্ষ্য আনপিনে অসমক দেশৰ শ্ৰেষ্ঠ পাঁচ ৰাজ্যৰ ভিতৰত লৈ যোৱাৰ পৰিকল্পনাৰে কাম কৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কথা উল্লেখ কৰে । তাৰ লগত সংগতি ৰাখিয়ে বিটিআৰৰ উন্নয়নমূলক কাম-কাজৰ ধাৰা অধিক তৰান্বিত কৰিবলৈ বিটিআৰৰ প্ৰতিখন জিলাৰ চৰকাৰী কাৰ্য্যলয়সমূহত এটা ভাল কৰ্মসংস্কৃতিৰ পৰিৱেশ গঢ়ি সাধাৰণ ৰাইজৰ স্বাৰ্থত কাম-কাজ কৰি যাবলৈ বিষয়া কৰ্মচাৰীসকলক আহ্বান জনায় ।
বিটিচিৰ মুখ্য কাৰ্য্যৱাহী সদস্য বড়োৱে কয় যে, এই অনুষ্ঠানৰ জৰিয়তে চিৰাং জিলাবাসীৰ আৰ্থ-সামাজিক উন্নয়ন, বিভিন্ন চৰকাৰী আঁচনি ৰূপায়নৰ ন ন দিশ উন্মোচন কৰি জিলাখনক সামগ্ৰিকভাৱে আগুৱাই নিয়াত সহায় কৰিব ৷ অনুষ্ঠানত ৰাজ্যৰ কেবিনেট মন্ত্ৰী তথা চিৰাং জিলাৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, ৰাজ্যসভাৰ সাংসদ ৰৌণগৌড়া নাৰ্জাৰীয়ে উপস্থিত চৰকাৰী বিষয়া, কৰ্মচাৰীসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে ।
/asomiyapratidin/media/media_files/2025/04/10/68DBb1ijpehCDmn8y4bQ.jpg)
অনুষ্ঠানত উপস্থিত থাকে কোকৰাঝাৰৰ সাংসদ জয়ন্ত বসুমতাৰী, বিধায়কসকল ক্ৰমে লৰেন্স ইছলাৰী, জিৰণ বসুমতাৰী, অজয় কুমাৰ ৰায়, বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়ো, কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, ছাইখং বসুমতাৰীৰ উপৰি পাৰিষদ মাধৱ ছেত্ৰীসহ অন্যান্য লোকসকল ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us