/asomiyapratidin/media/media_files/2025/04/04/VZJ6zAmCMH2c8Vtcr5Lj.jpg)
প্ৰধানমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
ডিজিটেল ডেস্ক: "দশক দশক ধৰি ৱাকফ ব্যৱস্থাটোত স্বচ্ছতা আৰু জবাবদিহিতাৰ অভাৱ আছিল।" এই মন্তব্য কৰিছে দেশৰ প্ৰদান কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰাজ্যসভাত ৱাকফ সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পাছতে এক্সৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে, "ৱাকফৰ ফলত বিশেষকৈ মুছলমান মহিলা, পাছমাণ্ডা মুছলমান আৰু দুখীয়া মুছলমানৰ ক্ষতি হৈছিল। সংসদে গৃহীত কৰা আইনসমূহে স্বচ্ছতা বৃদ্ধি কৰাৰ লগতে মানুহৰ অধিকাৰো সুৰক্ষিত কৰিব" বুলি সদৰী কৰে নৰেন্দ্ৰ মোদীয়ে।
উল্লেখযোগ্য যে, পাছমাণ্ডা মুছলমানসকল সমাজৰ আটাইতকৈ পিছপৰা আৰু সামাজিকভাৱে নিপীড়িতসকলৰ ভিতৰত অন্যতম। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে, এতিয়া আইন হিচাপে পৰিগণিত হ’বলৈ ৰাষ্ট্ৰপতিৰ সন্মতি প্ৰয়োজনীয় এই বিধেয়কখনে অধিক আধুনিক আৰু “সামাজিক ন্যায়ৰ প্ৰতি সংবেদনশীল” যুগৰ সূচনা কৰিব। তেওঁ লগতে কয়, "প্ৰতিজন নাগৰিকৰ মৰ্যাদাক অগ্ৰাধিকাৰ দিয়াৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ হৈ আছো।"
বিধেয়কখনৰ মতে ৱাকফ কাউন্সিলত দুগৰাকী মহিলা সদস্যকে ধৰি সৰ্বাধিক চাৰিজন অমুছলমান সদস্য থাকিব লাগিব। তদুপৰি কোনো সম্পত্তি ৱাকফ বা চৰকাৰৰ হ’লে এতিয়া জিলা উপায়ুক্ত পদৰ ওপৰৰ জ্যেষ্ঠ বিষয়াসকলে চূড়ান্ত মতামত দিব।