/asomiyapratidin/media/media_files/2025/07/29/ap-for-web-gfjghk-2025-07-29-20-55-17.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটৰ ধলাইবিল ক্ৰীড়া সন্থাৰ উদ্যোগত ধলাইবিল খেলপথাৰত চলি থকা আঞ্চলিক ভিত্তিত আমন্ত্ৰণমূলক প্ৰাইজমানি ও ট্ৰফী ফুটবল খেল প্ৰতিযোগিতাৰ মঙলবাৰে চূড়ান্ত খেলখন অনুষ্ঠিত হয়। বিয়লি ৪ বজাৰ পৰা অনুষ্ঠিত উক্ত চূড়ান্ত খেলখন উদ্বোধন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।
গেলাহাটিঙা ফুটবল ক্লাব আৰু চেঙামাৰী ফুটৱল ক্লাৱৰ মাজত অনুষ্ঠিত তুমুল উত্তেজনাপূৰ্ণ খেলখনৰ প্ৰথমাৰ্ধতে চেঙামাৰী ফুটবল দলে গেলাহাটিঙা ফুটৱল ক্লাৱক এক গল প্ৰদান কৰে। ইয়াৰ বিপৰীতে গেলাহাটিঙা ফুটবল ক্লাৱে গ'ল পৰিশোধ কৰিবলৈ আপ্ৰাণ চেষ্টা অব্যাহত ৰাখে যদিও ১-০ গলত চেঙামাৰী অগ্ৰসৰ হয় ।
খেলৰ দ্বিতীয়াৰ্দ্ধত চেঙামাৰী ফুটবল ক্লাবে পুনৰ আন এটা গ'ল প্ৰদান কৰে যদিও গেলা হাটিঙা ফুটবল ক্লাৱ দলে এক গলো পৰিশোধ কৰিব নোৱাৰি ২-০ গলত পৰাজয় স্বীকাৰ কৰে । খেলৰ শেষত বিজয়ী আৰু বিজিত দলক বিধায়ক পদ্ম হাজৰিকাই ট্ৰফি আৰু নগদ ধনৰ বঁটা প্ৰদান কৰে ।
চূড়ান্ত খেলখনত চেঙামাৰী ফুটবল দলৰ দীপক মেছে শ্ৰেষ্ঠ গ'লকীপাৰ আৰু নিপেন বড়োৱে শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ দখল কৰে । খেলখন সুচাৰুৰূপে পৰিচালনা কৰে ক্ৰমে শচীন নাহাক, ৰাজু চাহু, চম্ভু ৰাইক আৰু চপন দাসে ।
উল্লেখযোগ্য যে ধলাইবিল ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত আঞ্চলিক ভিত্তিক এই প্ৰতিযোগিতাৰ পিছতে ক্ৰীড়া সন্থাৰ উদ্যোগত অহা ১০ জুলাইৰ পৰা ৰাজ্যিক ভিত্তিত আন এখন আমন্ত্ৰণ মূলক প্ৰাইজমানি আৰু চলন্ত ট্ৰফী ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হ'ব বুলি ধলাইবিল ক্ৰীড়া সন্থাৰ সভাপতি সম্পাদকে জানিবলৈ দিছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us