Advertisment

শিৱসাগৰত ফুটবল প্ৰতিযোগিতা সম্পন্ন : চুমনি মিলনজ্যোতি ক্লাবৰ জয়

প্ৰতিযোগিতাখনত কেওটা দলেই উন্নত প্ৰদৰ্শন কৰি দৰ্শকক আপ্লুত কৰে। চূড়ান্ত প্ৰতিযোগিতাখন বৰগুৰি ফুটবল ক্লাৱ আৰু চুমনি মিলনজ্যোতি ক্লাৱৰ মাজত অনুষ্ঠিত হয় ।

author-image
Asomiya Pratidin
New Update
শিৱসাগৰত ফুটবল প্ৰতিযোগিতা সম্পন্ন : চুমনি মিলনজ্যোতি ক্লাবৰ জয়

শিৱসাগৰত ফুটবল প্ৰতিযোগিতা সম্পন্ন : চুমনি মিলনজ্যোতি ক্লাবৰ জয়

ডিজিটেল সংবাদ, শিৱসাগৰ : শিৱসাগৰ চহৰৰ পৰা প্ৰায় ২০কিলোমিটাৰ নিলগৰ ৰিৰিয়া গাঁৱত এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত এখনি ফুটবল প্ৰতিযোগিতা সম্পন্ন হৈ যায় ৷ গ্ৰাম্যাঞ্চলৰ ক্ৰীড়া প্ৰতিভা বিকাশৰ উদ্দেশ্য আগত ৰাখি সংগ্ৰামী সেনা শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু ৰিৰিয়া ডি আৰ স্পৰ্টছ ক্লাৱৰ সহযোগত চাৰিদিনীয়াকৈ স্থানীয় দীঘল দৰিয়লী ৰিৰিয়া খেলপথাৰত প্ৰয়াত চামছুদ্দিন আহমেদ সোঁৱৰণিত অনুষ্ঠিত কৰা ফুটবল প্ৰতিযোগিতাখনত ৮টা দলে অংশগ্ৰহন কৰে ৷ 

Advertisment

শিৱসাগৰত ফুটবল প্ৰতিযোগিতা সম্পন্ন শিৱসাগৰত ফুটবল প্ৰতিযোগিতা সম্পন্ন

প্ৰতিযোগিতাখনত কেওটা দলেই উন্নত প্ৰদৰ্শন কৰি দৰ্শকক আপ্লুত কৰে। চূড়ান্ত প্ৰতিযোগিতাখন বৰগুৰি ফুটবল ক্লাৱ আৰু চুমনি মিলনজ্যোতি ক্লাৱৰ মাজত অনুষ্ঠিত হয় । চূড়ান্ত খেলৰ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে সংগ্ৰামী সেনাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পংকজ খাউণ্ড, উপ-সভাপতি বিপুল গগৈ , এনামউদ্দিন আহমেদ , শিৱসাগৰ জিলাৰ ফুটবল এছ'চিয়েচনৰ সম্পাদক মৃণাল চুতীয়া ,শিৱসাগৰ জিলা সাহিত্য সভাৰ সম্পাদক মনোজ কুমাৰ গগৈ ,শিৱসাগৰ জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি ব্ৰজেন দাস ,সমাজকৰ্মী তথা  শিক্ষাবিদ ইয়াকুব আলী, বুদ্ধাৰাম টায়ে , ক্ষেত্ৰ য়েইন ,সুৰেন পাংগিং , মুজিবুৰ ৰহমান, নোমল দাস ,সত্যৰাম পাংগিঙকে আদি কৰি কেইবাজনো গণ্য-মান্য ব্যক্তি। 

উদ্ধোধনী অনুষ্ঠানত পংকজ খাউণ্ডে কয় যে, গ্ৰামাঞ্চলৰ ক্ৰীড়া প্ৰতিভাসমূহক এখন মঞ্চ দিবৰ বাবে সমাজৰ সকলো স্তৰৰ দল -সংগঠন ,ব্যক্তি একত্ৰিত হৈ ওলাই অহাটো আজিৰ সময়ৰ আহ্বান। অসমৰ ফুটবল জগতত গ্ৰামাঞ্চলৰ পৰাই অংকুৰিত হৈ এলেন দেউৰী ,দুৰ্গা বড়ো, হলিচৰন নাৰ্জাৰীৰ দৰে খেলুৱৈ ৰাষ্ট্ৰীয় ফুটবল মঞ্চত জিলিকি উঠিছে । শৈক্ষিক দিশৰ লগতে  ক্ৰীড়াৰ দিশটো অভিভাৱকসকল সংবেদনশীল হোৱা উচিত বুলিও পংকজ খাউণ্ডে মন্তব্য কৰে।

চুমনি মিলনজ্যোতি ক্লাবৰ জয়
চুমনি মিলনজ্যোতি ক্লাবৰ জয়

 

খেলখনৰ উদ্ধোধন কৰি এনামউদ্দিন আহমেদে কয় যে, সমাজত সুস্থ -সৱল ক্ৰীড়া পৰিৱেশ গঢ় দিবলৈ হ'লে ক্ৰীড়া সমিতিসমূহৰ উপৰি উপ -ক্ৰীড়া সমিতিসমূহৰো নিতান্তই প্ৰয়োজনীয়তা আছে। উপ -ক্ৰীড়া সমিতিসমূহ তড়িত গতিত অঞ্চলসমূহত গঠন কৰাৰ পোষকতা কৰে এনামউদ্দিন আহমেদে। 

১৯৯৯চনৰ কাৰ্গিল যুদ্ধৰ কথা উল্লেখ কৰি সেই যুদ্ধত আহত ভাৰতীয় সেনাৰ চিকিৎসা সাহাৰ্য পুঁজিৰ  বাবে আয়োজন কৰা এখন ফুটবল খেলত অংশগ্ৰহণ কৰি খেলৰ মাজতে গুৰুত্তৰভাৱে আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰা স্থানীয় যুৱক টুটু পাংগিঙকো সোঁৱৰণ কৰি এনামউদ্দিন আহমেদে তেওঁক ছহিদ আখ্যা দিয়ে। তেওঁ ক্ৰীড়াই মানুহৰ আত্মিক সম্পৰ্ক সুদৃঢ় কৰে বুলি উল্লেখ কৰি ক্ৰীড়াৰ জড়িয়তে সংস্থাপন সম্ভাৱনীয়তাৰ বিষয়ে উল্লেখ কৰে । 

উল্লেখযোগ্য যে চূড়ান্ত খেলখনত চুমনি মিলনজ্যোতি ক্লাৱে বৰগুৰি ফুটবল ক্লাৱক ৪-০ গলৰ ব্যৱধানত পৰাজিত কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে ভাৰতীয় জাতীয় ফুটবল দলৰ প্ৰাক্তন খেলুৱৈ বিলিফাং নাৰ্জাৰীয়ে বৰগুৰি ফুটবল দলৰ হৈ প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰি সুকীয়া মাত্ৰা প্ৰদান কৰে। প্ৰতিযোগিতাখনত চফৰ আলী, যদুমণি বড়া, মুকিব আলীকে আদিকৰি উদ্যোক্তাসকলৰ প্ৰতিগৰাকী সদস্য উপস্থিত থাকে ৷

football