প্ৰথম কৰকাণ্ঠি ফুটবল কাপ -২০২৪ ৰ প্ৰতিযোগিতাত ধেন্টাঘাট ক্ৰীড়া সন্থা চূড়ান্ত বিজয়ী...

প্ৰত্যেক বছৰৰ দৰে এইবাৰো কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আৰু কাৰ্বি আংলং জিলা ক্ৰীড়া সন্থাৰ সহযোগত অনুষ্ঠিত হবলগীয়া জিলাখন মুঠ ২৬ টা সমষ্টিৰ বাবে অনুষ্ঠিত কৰা এম এ চি কাপৰ অংশ হিচাপে কাৰ্বি আংলং জিলাৰ  কৰকাণ্ঠি সমষ্টিৰ  এম এ চি

author-image
Asomiya Pratidin
New Update
ddd

dd Photograph: (dd)

ডিজিটেল সংবাদ, হাওৰাঘাটঃপ্ৰত্যেক বছৰৰ দৰে এইবাৰো কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আৰু কাৰ্বি আংলং জিলা ক্ৰীড়া সন্থাৰ সহযোগত অনুষ্ঠিত হবলগীয়া জিলাখন মুঠ ২৬ টা সমষ্টিৰ বাবে অনুষ্ঠিত কৰা এম এ চি কাপৰ অংশ হিচাপে কাৰ্বি আংলং জিলাৰ  কৰকাণ্ঠি সমষ্টিৰ  এম এ চি তথা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ ৰাজু তিছ'ৰ উদ্যোগত টেকেলাংজুন ক্ৰীড়া সন্থাৰ সহযোগত টেকেলাংজুন খেলপথাৰত ১ নৱেম্বৰৰ পৰা  এম এ চি পৰ্যায়ত অনুষ্ঠিত হৈ থকা প্ৰথম কৰকাণ্ঠি ফুটবল কাপ  -২০২৪ ৰ ফাইনেলত ধেন্টাঘাট ক্ৰীড়া সন্থা চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে ।

উল্লেখযোগ্য যে এই কৰকাণ্ঠি সমষ্টিটোৰ মুঠ ৬ টা দলে অংশগ্ৰহণ কৰা এই খেলৰ সোমবাৰে অনুষ্ঠিত হোৱা ফাইনেলত ধেন্টাঘাট ক্ৰীড়া সন্থাই ডকমকা ক্ৰীড়া সন্থাক ২ -১ গ'লৰ ব্যৱধানত পৰাজিত কৰি চূড়ান্ত বিজয়ীৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হয় । উল্লেখযোগ্য যে এই খেলত ধেণ্টাঘাট ক্ৰীড়া সন্থা, টেকেলাংজুন ক্ৰীড়া সন্থা, চামেলাংছ' ক্ৰীড়া সন্থা, পাকলংকাম ক্ৰীড়া সন্থা, ডকমকা ক্ৰীড়া সন্থা আৰু লাংলাকছ' ক্ৰীড়া সন্থাই অংশগ্ৰহণ কৰে ।

ফুটবল