লখিমপুৰ জিলা আৰক্ষীৰ ফুটবল লীগঃ পানীগাঁও আৰু ঘিলামৰাৰ জয়...

অসম আৰক্ষী দিৱস আৰু লখিমপুৰ জিলা দিৱস উপলক্ষত বিশেষ পদক্ষেপ...
assam police
assam police

ডিজিটেল সংবাদ ঢকুৱাখনা:  অসম আৰক্ষী দিৱস ২০২২ আৰু লখিমপুৰ জিলা দিৱস উপলক্ষত লখিমপুৰ জিলা আৰক্ষী  প্ৰশাসনে জিলাখনৰ আৰক্ষী থানাসমূহৰ মাজত অনুষ্ঠিত কৰিছে ফুটবল লীগ প্ৰতিযোগিতা ।বুধবাৰে জিলাখনত আৰম্ভ হোৱা  এই প্ৰতিযোগিতাৰ গ্ৰুপ 'এ' ৰ খেলখন অনুষ্ঠিত হয় সোৱণশিৰী মহাবিদ্যালয় খেল পথাৰ প্ৰাংগণত ।

পানীগাঁও আৰক্ষী থানা আৰু বগীনদী আৰক্ষী থানাৰ মাজত অনুষ্ঠিত প্ৰথমখন খেলত পানী গাঁও আৰক্ষী দলে  বগীনদী আৰক্ষী থানা দলক ৪-০ গ'লৰ ব্যৱধানত পৰাজিত কৰে । অন্যহাতে এই গ্রুপৰ দ্বিতীয়খন খেলত ঘিলামৰা আৰক্ষী থানা দলে ঢকুৱাখনা আৰক্ষী থানা দলক ২-১  গ'লৰ ব্যৱধানত পৰাজিত কৰে ।

উল্লেখ্য যে,  লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক ডঃ বেদান্ত মাধৱ ৰাজখোৱাৰ বিশেষ উদ্যোগত আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য কাৰ্য্যালয়) ৰুণা নেওগৰ নেতৃত্বত জিলাখনৰ লখিমপুৰ , বিহপুৰীয়া, ঢকুৱাখনা, পানীগাঁও ,বগীনদী , ঘিলামৰা, লালুক আৰু নাৰায়নপুৰ থানাসমূহক সামৰি অনুষ্ঠিত হোৱা ফুটবল লীগ প্ৰতিযোগিতাখনৰ ১ অক্টোবৰত চূড়ান্ত খেল অনুষ্ঠিত হ'ব ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in