Advertisment

চতিয়াত ফুটবলৰ মহাৰণ : মহিলা ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেল সম্পন্ন

চতিয়া ক্ৰীড়া সন্থাৰ উদ্যোগত চাৰিদুৱাৰ আৰু জামুগুৰি ক্ৰীড়া সন্থাৰ সহযোগত মুক্তিযোদ্ধা ভূমিধৰ বৰদলৈ ষ্টেডিয়ামত গুণধৰ হাজৰিকা আৰু বিশ্বজ্যোতি ওজা সোঁৱৰণী মহিলা ফুটবল খেল প্ৰতিযোগিতা অনুষ্ঠিত হয়

author-image
Asomiya Pratidin
New Update
চতিয়াত ফুটবল : মহিলা ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেল সম্পন্ন

চতিয়াত ফুটবল : মহিলা ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেল সম্পন্ন

ডিজিটেল সংবাদ, জামুগুৰিহাট : চতিয়া ক্ৰীড়া সন্থাৰ উদ্যোগত চাৰিদুৱাৰ আৰু জামুগুৰি ক্ৰীড়া সন্থাৰ সহযোগত মুক্তিযোদ্ধা ভূমিধৰ বৰদলৈ ষ্টেডিয়ামত গুণধৰ হাজৰিকা আৰু বিশ্বজ্যোতি ওজা সোঁৱৰণী মহিলা ফুটবল খেল প্ৰতিযোগিতা অনুষ্ঠিত হয়। বৃহস্পতিবাৰে নিশা দিকৰাই ফুটবল একাদশ আৰু তেজপুৰ ফুটবল একাদশৰ মাজত প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন অনুষ্ঠিত হয়।

Advertisment

উল্লেখযোগ্য যে প্ৰতিযোগিতা আৰম্ভ হোৱাৰ আগে আগে গুৱাহাটীত অনুষ্ঠিত হৈ যোৱা “ঝুমুৰ বিনন্দিনী” কাৰ্যসূচীত অংশগ্ৰহণ কৰা নদুৱাৰ অঞ্চলৰ ঝুমুৰ দলসমূহে ঝুমুৰ গীত নৃত্য পৰিবেশন কৰি সকলোকে আপ্লুত কৰে। অনুষ্ঠানটিত নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি শুভ উদ্বোধন কৰা মহিলা ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন উপভোগ কৰিবলৈ ষ্টেডিয়ামত হেজাৰ হেজাৰ দৰ্শক ৰাইজৰ ভিৰ হোৱা পৰিলক্ষিত হয় ৷ 

মহিলা ফুটবল প্ৰতিযোগিতাৰ উত্তেজনাপূৰ্ণ চূড়ান্ত খেলখনত ১-০ গ'লৰ ব্যৱধানত চূড়ান্ত বিজয়ীৰ সন্মান অৰ্জন কৰে তেজপুৰ ফুটবল একাদশে। খেলখনত শোণিতপুৰ জিলাৰ আয়ুক্ত অংকুৰ ভড়ালী, নদুৱাৰ সমজিলাৰ আয়ুক্ত ৰাজ বৰুৱা, নদুৱাৰ ৰাজহ চক্ৰ বিষয়া ডা° আকাশদ্বীপ কাকতিকে ধৰি বহুকেইগকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷

jamugurihat