অসম আৰক্ষী দিৱস-জিলা দিৱস উপলক্ষে লখিমপুৰত ফুটবল লীগ...

চূড়ান্ত খেলখন ১ অক্টোবৰত অনুষ্ঠিত হ'ব

author-image
Asomiya Pratidin
New Update
অসম আৰক্ষী দিৱস-জিলা দিৱস উপলক্ষে লখিমপুৰত ফুটবল লীগ...

football for police day

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ  অসম আৰক্ষী দিৱস ২০২২ আৰু লখিমপুৰ জিলা দিৱস উপলক্ষে জিলা আৰক্ষী  প্ৰশাসনে আয়োজন কৰিছে জিলাখনৰ আৰক্ষী থানা সমূহৰ মাজত এখন ফুটবল লীগ প্ৰতিযোগিতা ।

Advertisment

লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক ড০ বেদান্ত মাধৱ ৰাজখোৱাৰ বিশেষ উদ্যোগত আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য কাৰ্য্যালয়) ৰুণা নেওগৰ নেতৃত্বত জিলাখনৰ আৰক্ষী থানা সমূহৰ ভিতৰত  ২১ ছেপ্টেম্বৰৰ পৰা ১ অক্টোবৰলৈ অনুষ্ঠিত হ'বলগীয়া এই ফুটবল লীগ প্ৰতিযোগিতাৰ প্ৰথম পৰ্যায়ৰ  মেচ বুধবাৰে জিলা খনৰ দুই স্থানত আৰম্ভ হ'ব ।

জিলা খনৰ লখিমপুৰ , বিহপুৰীয়া, ঢকুৱাখনা, পানীগাঁও ,বগীনদী , ঘিলামৰা, লালুক আৰু নাৰায়নপুৰ থানা সমূহক সামৰি ২টা শাখাত বিভক্ত আৰক্ষী ফুটবল দল সমূহৰ ভিতৰত প্ৰথম শাখাৰ অন্তৰ্ভুক্ত পানীগাঁও আৰক্ষী থানা বনাম বগীনদী আৰক্ষী থানা  আৰু ঘিলামৰা আৰক্ষী থানা বনাম ঢকুৱাখনা আৰক্ষী থানাৰ খেল দুখন বুধবাৰে বিয়লি ১-৩০ বজাত গোগামুখৰ সোৱণশিৰী মহাবিদ্যালয় খেলপথাৰ প্ৰাঙ্গণত অনুষ্ঠিত হ'ব ।

তেনেদৰে দ্বিতীয় শাখাৰ অন্তৰ্গত লখিমপুৰ সদৰ থানা বনাম লালুক থানা  আৰু নাৰায়নপুৰ থানা বনাম বিহপুৰীয়া থানাৰ মাজত লীগ খেলৰ প্ৰতিযোগিতা সমূহ একেসময়তে  নাওবৈছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বুধবাৰে অনুষ্ঠিত হ'ব ।

প্ৰতিযোগিতাৰ চেমি ফাইনেল খেলখন অহা ২৯ ছেপ্টেম্বৰত লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আৰু চূড়ান্ত খেলখন ১ অক্টোবৰত উক্ত খেল পথাৰতে অনুষ্ঠিত হ'ব বুলি জিলা আৰক্ষী প্ৰশাসনে জনাইছে।

football assam police day