/asomiyapratidin/media/media_files/2024/12/09/NYJuWbd7SHWnQOMnszxS.jpg)
ডিজিটেল সংবাদ,চাবুৱাঃ সামৰণি পৰিল পানীতোলাত অনুষ্ঠিত হোৱা ৰাজ্যিক পৰ্যায়ৰ অষ্টম বাৰ্ষিক বেংমৰা কাপ ফুটবল প্ৰতিযোগিতা। সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ মুখ্য উদ্যোগত, বেংমৰা স্পৰ্টচ এচ'ছিয়েচন আৰু পানীতোলা স্পৰ্টচ একাডেমীৰ সহযোগত আয়োজিত হৈছিল ফুটবল প্ৰতিযোগিতাখন।
উজনি অসমৰ হাজাৰ হাজাৰ ক্ৰীড়াপ্ৰেমীয়ে উপভোগ কৰা চূড়ান্ত খেলখনত চাবুৱাৰ চেতিয়া গাঁও সূৰ্য্যোদয় সংঘই টেঙাখাটৰ 19 APBN দলক পৰাজিত কৰি চূড়ান্ত খিতাপ লাভ কৰিবলৈ সক্ষম হয়।
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ১২ টা দলে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ীক ট্ৰফীসহ নগদ ৫০ হাজাৰ টকা আৰু বিজিত দলক ট্ৰফীসহ নগদ ৩০ হাজাৰ টকাৰে পুৰস্কৃত কৰা হয়। মুকলি সভাত "ক্ৰীড়ন" নামৰ এখনি আলোচনী উন্মোচন কৰে তিনিচুকীয়া জিলাৰ আয়ুক্ত স্বপ্নীল পালে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us