দুপৰীয়া আহাৰ গ্ৰহণ কৰি অসুস্থ ৪১গৰাকী ছাত্ৰ-ছাত্ৰী

কামৰূপ জিলাৰ বকোত বুধবাৰে ছাত্ৰ-ছাত্ৰীয়ে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি অসুস্থ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

author-image
Asomiya Pratidin
New Update
দুপৰীয়া আহাৰ গ্ৰহণ কৰি অসুস্থ ৪১গৰাকী ছাত্ৰ-ছাত্ৰী

food poisoning

ডিজিটেল সংবাদ,বকো : কামৰূপ জিলাৰ বকোত বুধবাৰে ছাত্ৰ-ছাত্ৰীয়ে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি অসুস্থ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিৱৰণতে ৪৮নং বকো বিধান সভা সমষ্টিৰ আৰু ছমৰীয়া প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত পুঠিমাৰীগাঁৱত থকা পুঠিমাৰী শালমাৰা অনুসূচীত আঞ্চলিক মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে আন আন দিনৰ দৰে অজিও দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে ।

লগে লগে ৪১ ছাত্ৰ-ছাত্ৰী অসুস্থ হৈ পৰাত অসুস্থ হোৱা ছাত্ৰ-ছাত্ৰীক স্থানীয় ৰাইজে ততাতৈয়াকৈ কাষৰ ছমৰীয়া ৰাজ্যিক চিকিৎসালত চিকিৎসাৰ বাবে ভৰ্তি কৰে । ইয়াৰে বৰষা শীল, প্ৰতিমা ৰায় আৰু ৰিয়া শীল নামৰ ছাত্ৰী ৩গৰাকীৰ অৱস্থা সংকটজনক হোৱাত তেওঁলোকক ছমৰীয়া ৰাজ্যিক চিকিৎসালয়ৰ পৰা ৩০খন বিচনাযুক্ত বকো গ্ৰাম্য চিকিৎসালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে।

বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ দুপৰীয়াৰ আহাৰত বিষক্ৰিয়া হোৱাৰ সন্দেহ কৰাৰ লগতে ঘটনা সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে ।

assam BOKO