/asomiyapratidin/media/media_files/2025/07/06/335-2025-07-06-23-53-12.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা : নগাঁও জিলাৰ ধিঙৰ অগ্ৰণী সামাজিক- সাংস্কৃতিক অনুষ্ঠান আৰ্হি ফাউণ্ডেশ্যনৰ উদ্যোগত ধিঙৰ জগন্নাথ মন্দিৰ প্ৰাংগনত পাচদিনীয়াকৈ অনুষ্ঠিত হোৱা "হাতৰ আখৰ আৰু সাধুকথাৰ কৰ্মশালাৰ দেওবাৰে সামৰণী পৰে। স্থানীয় কণ কণ ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত হোৱা উক্ত কৰ্মশালাত হাতৰ আখৰৰ প্ৰশিক্ষণ প্ৰদান কৰে শিক্ষয়িত্ৰী এনি ডেকাই।
ইয়াৰোপৰি জীৱন কৌশলৰ প্ৰশিক্ষক দিব্যজ্যোতি বৰুৱা, কৰবি শইকীয়া, ফুলমনি দাস আদি কেইবাগৰাকী ব্যক্তিয়েও বিগত দিনত বিভিন্ন বিষয়ৰ প্ৰশিক্ষণ প্ৰদান কৰে ৷ ফাউণ্ডেশ্যনৰ সভানেত্ৰী কৃষ্ণা নাথ বৰাই আঁত ধৰা সামৰণি অনুষ্ঠানৰ আৰম্ভণিতে জগন্নাথ মন্দিৰৰ পুৰোহিত অনন্ত শৰ্মাই মংগল আশীৰ্বাদ প্ৰদান কৰে।
অনুষ্ঠানত অভিভাৱকসকলৰ ফালৰ পৰা নৃপেন বৰা, ৰণেন্দ্ৰ হাজৰিকা, তৃতীষা ভৰালীয়ে ভাষণ প্ৰদান কৰি আৰ্হি ফাউণ্ডেশ্যনৰ এই প্ৰশংসনীয় পদক্ষেপৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ফাউণ্ডেশ্যনৰ সম্পাদিকা তৃষ্ণা বৰাকে আদি কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থকা অনুষ্ঠানটিত মুখ্য প্ৰশিক্ষক এনি ডেকাক প্ৰশস্তি পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।