/asomiyapratidin/media/media_files/2025/07/02/292-2025-07-02-23-29-39.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা : নগাঁও জিলাৰ ধিঙৰ অগ্ৰণী সামাজিক- সাংস্কৃতিক অনুষ্ঠান আৰ্হি ফাউণ্ডেশ্যনৰ সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে বুধবাৰে ধিং জগন্নাথ মন্দিৰ প্ৰাংগনত "হাতৰ আখৰ আৰু সাধুকথাৰ কৰ্মশালা আৰম্ভণি কৰা হয়। তদুপলক্ষে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ আৰম্ভণি কৰে পূৰ্নিমা বৰাই।
ফাউণ্ডেশ্যনৰ সভানেত্ৰী কৃষ্ণা নাথ বৰাই আঁত ধৰা অনুষ্ঠানটিত সম্পাদিকা তৃষ্ণা বৰা, অতিথি সূজাতা শইকীয়াকে আদি কৰি কেইবাগৰাকী ব্যক্তিয়ে ভাষণ প্ৰদান কৰে। পাছত শিক্ষয়িত্ৰী এনি ডেকাই ধ্যানৰ অভ্যাসেৰে আৰম্ভ কৰি ছাত্ৰ- ছাত্ৰীসকলক পৰিস্কাৰ আৰু সুন্দৰ হাতৰ আখৰৰ অভ্যাসৰ পাঠদান কৰে।
শেষত ফুলমনি দাস আৰু কৰবী শইকীয়াই সাধুকথাৰ কথনশৈলী, প্ৰকাশভংগী, উচ্চাৰণ আদি বিষয়ৰ অভ্যাস কৰায়। অহা ৬ জুলাইলৈ নিতৌ বিয়লি ৪ বজাৰ পৰা ৬ বজালৈ চলিবলগীয়া এই কৰ্মশালাত আগন্তুক দিনত কেইবাগৰাকী ব্যক্তিয়ে পাঠদান দিব বুলি জানিবলৈ দিয়ে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us