ওদালগুৰিত ফলিক এচিডৰ সচেতনতা অভিযান...

ফলিক এচিড শৰীৰৰ নতুন কোষ সৃষ্টি কৰিবলৈ প্ৰয়োজন হোৱা এবিধ ভিটামিন। গৰ্ভাৱস্থাৰ আগত আৰু গৰ্ভাৱস্থাৰ সময়ত ফলিক এচিড গ্ৰহণ কৰিলে শিশুৰ বিভিন্ন জন্মগত বিসংগতি প্ৰতিৰোধ কৰাত সহায়ক হয়।

author-image
Asomiya Pratidin
New Update
ওদালগুৰিত ফলিক এচিডৰ সচেতনতা অভিযান

ডিজিটেল সংবাদ, ওদালগুৰি : ফলিক এচিড শৰীৰৰ নতুন কোষ সৃষ্টি কৰিবলৈ প্ৰয়োজন হোৱা এবিধ ভিটামিন। গৰ্ভাৱস্থাৰ আগত আৰু গৰ্ভাৱস্থাৰ সময়ত ফলিক এচিড গ্ৰহণ কৰিলে শিশুৰ বিভিন্ন জন্মগত বিসংগতি প্ৰতিৰোধ কৰাত সহায়ক হয়। লগতে গৰ্ভপাতৰ আশংকা, নিৰ্দিষ্ট সময়তকৈ আগতীয়াকৈ সন্তান প্ৰসৱ, কম ওজনৰ সন্তান প্ৰসৱ আদি বহু পৰিমাণে হ্ৰাস পায়। 

Advertisment

ৰক্তহীনতা প্ৰতিৰোধ কৰাতো সহায় কৰে। গতিকে গৰ্ভধাৰণৰ তিনিমাহ আগত আৰু গৰ্ভৱতী হোৱাৰ তিনি মাহলৈ প্ৰতিদিনে ৪০০ মাইক্ৰোগ্ৰাম ফলিক এচিড খাব লাগে। এই বিষয়ক সজাগতা সৃষ্টিৰ উদ্দেশ্যে বুধবাৰে ওদালগুৰি জিলাত  ফলিক এচিডৰ সচেতনতা অভিযান আৰম্ভ হয়। 

ওদালগুৰিত ফলিক এচিডৰ সচেতনতা অভিযান
ওদালগুৰিত ফলিক এচিডৰ সচেতনতা অভিযান

 

উল্লেখযোগ্য যে ডিমাকুছি চাহ বাগিচা হাস্পতালত বি টি আৰ চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ উদ্যোগত আৰু এন আৰ ডি এছৰ সহযোগত উক্ত অনুষ্ঠানৰ আয়োজন কৰা হয়। স্বাস্থ্যৰ বিভিন্ন বিষয়ত সজাগতা সৃষ্টিৰ বাবে আয়োজিত এই অনুষ্ঠানটিৰ শুভৰম্ভণি কৰে জিলা স্বাস্থ্য সমিতি ওদালগুৰিৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডা০ এন বিনয় সিংঘই। 

উক্ত অনুষ্ঠানত চাহ বাগিচা হাস্পতালৰ চিকিৎসক ডা০ অভিজিত কুমাৰ শৰ্মা, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা প্ৰগ্ৰাম মেনেজাৰ বাচিল টপ্প, জিলা মেডিয়া বিশেষজ্ঞ মধুস্মিতা বৈশ্য, ৰছমিতা বৰগয়াৰী, সমৰ কলিতাৰ লগতে আশা কৰ্মী, চাহ বাগিচাৰ কৰ্মচাৰী আৰু চাহ বাগিচাৰ একাংশ বাসিন্দা উপস্থিত থাকে।

udalguri