ভেন্টিলেচনত ৰখা হৈছে বাঁহীবাদক দীপক শৰ্মাক

গুৰুত্বৰভাৱে অসুস্থ বাঁহীবাদক দীপক শৰ্মা। লিভাৰৰ ৰোগত আক্ৰান্ত বাঁহীবাদকগৰাকীৰ স্বাস্থ্যৰ অৱস্থা অতি সংকটজনক। সম্প্ৰতি তেওঁক ভেন্টিলেটৰত ৰখা হৈছে। 

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-10-29 at 7.23.22 PM

ডিজিটেল ডেস্কঃ গুৰুত্বৰভাৱে অসুস্থ বাঁহীবাদক দীপক শৰ্মা। লিভাৰৰ ৰোগত আক্ৰান্ত বাঁহীবাদকগৰাকীৰ স্বাস্থ্যৰ অৱস্থা অতি সংকটজনক। সম্প্ৰতি তেওঁক ভেন্টিলেটৰত ৰখা হৈছে। 

দীপক শৰ্মাৰ শেহতীয়া শাৰীৰিক অৱস্থাক লৈ পত্নীয়ে সামাজিক মাধ্যমত কৰিছে বিশেষ পষ্ট। পত্নী জিনা শৰ্মাই ফেচবুকত লিখিছে এনেদৰে- “মোৰ স্বামী দীপক শৰ্মা বৰ্তমান চেন্নাইৰ Rela Hospital I.C.Uত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। তেওঁক বৰ্তমান Ventilatorত ৰখা হৈছে। তেওঁৰ অৱস্থা বৰ্তমান বহুতে বেয়া। সকলোৱে আশীৰ্বাদ কৰিব যাতে মানু্হজন সোনকালে ভাল হৈ উঠে।“

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে উন্নত চিকিৎসাৰ বাবে দীপক শৰ্মাক চেন্নাইলৈ লৈ যোৱা হৈছিল। বিগত কেইবাটাও দিন ধৰি চেন্নাইতে চলি আছে তেওঁৰ চিকিৎসা। বিশিষ্ট বাঁহীবাদকগৰাকীৰ আশু আৰোগ্যৰ কামনা কৰিছে ৰাজ্যবাসীয়ে। 

দীপক শৰ্মা বাঁহীবাদক দীপক শৰ্মা