/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-20/xetzny67/kik.jpg)
ডিজিটেল ডেস্কঃ মোবাইলে মানুহক কি কৰিছে। কি পৰ্যায়লৈ লৈ গৈছে, তাৰ উদাহৰণ শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ঘটনাৰ জৰিয়তে আপুনি সহজেই লাভ কৰিব। শেহতীয়াকৈ সামাজিক মাধ্যম টুইটাৰত ভাইৰেল হৈছে এটা বিশেষ ভিডিঅ। সেই ভিডিঅটোত এগৰাকী যুৱক আৰু তেওঁৰ মাতৃয়ে এখন মোবাইল বিপনীৰ পৰা কিনিবলৈ আহিছে এটা আই ফোন।
ভিডিঅটোত দেখা গৈছে যে, যুৱকগৰাকীয়ে আই ফোন কিনিবলৈ হাতত লৈ আহিছে বহুকেইটা টকাৰ বাণ্ডোল। তেওঁৰ সৈতে অহা বৃদ্ধ মাতৃগৰাকীয়ে ফুটপাথত ফুল বিক্ৰী কৰে। দোকানখনৰ এজন লৰাই মাকক সুধিছে যে, আপুনি পুত্ৰক আই ফোন দিয়াৰ কথা কিয় ভাৱিছে? তাৰ উত্তৰত মাতৃগৰাকীয়ে কয় যে, মই ইয়াক ইমান দামী ফোন দিব বিচৰা নাছিলো। কিন্তু ই ৩দিন ফোন লাগে বুলি একো খোৱা নাছিল। অৱশেষত মোৰ সমস্ত সাচতীয়া ধন দি ইয়াক ফোন কিনি দিবলৈ আহিছো।
যথেষ্ট দুখেৰে মাতৃগৰাকীয়ে এই কথা ব্যক্ত কৰে। মন্দিৰৰ ফুটপাথত ফুল বিক্ৰী কৰা মাতৃগৰাকীৰ এই কথা শুনি গৰজি উঠিছে নেটিজেন সকল। এতিয়া তলৰ লিংকত চাওঁক এই ভিডিঅটো-
This nithalla boy stopped eating food and was demanding iPhone from her mother.
His mother finally relented and gave him money to buy iPhone. She sells flowers outside a mandir.
Too much love will always destroy children. Parents should know where to draw the line.
This is… pic.twitter.com/govTiTKRAF— Incognito (@Incognito_qfs) August 18, 2024
উল্লেখ্য যে, এই ভিডিঅটো সামাজিক মাধ্যমত শ্বেয়াৰ হোৱাৰ পাছতে আইফোন কিনিবলৈ যোৱা পুত্ৰক তীব্ৰ কটাক্ষ কৰিছে বিভিন্ন জনে। বহুতে যুৱকগৰাকীক অনুৰোধ জনাইছে যে, ইমান দামী ফোন নিকিনি মাকক ধন খিনি ঘূৰাই দিয়ক। অৱশ্যে ভিডিঅটো ভাৰতৰ কোনখন ৰাজ্যৰ সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
এইখিনিতে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে, শেহতীয়াকৈ ভাৰতত আইফোন ব্যৱহাৰকাৰীৰ সংখ্যা খুবেই বৃদ্ধি পাইছে। এক তথ্য অনুসৰি, ভাৰতত আই ফোন ব্যৱহাৰকাৰী সকলৰ ৭০শতাংশই ই এম আইত ক্ৰয় কৰে ফোন। কিন্তু ইয়াৰ বিপৰীতে চীনৰ দৰে দেশত অতি শেহতীয়াকৈ চৰকাৰী কৰ্মচাৰীসকলে আইফোন ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। কিন্তু ভাৰতত দেখা গৈছে ইয়াৰ সম্পূৰ্ণ বিপৰীত ছবি।
Also Read: ICC মহিলা টি-২০ বিশ্বকাপঃ বাংলাদেশে হেৰুৱালে সুযোগ, কপাল ফুঁলিল ডুবাইৰ...