/asomiyapratidin/media/media_files/2025/07/13/dffdffff-2025-07-13-10-17-10.jpg)
ডিজিটেল সংবাদ, কামপুৰঃ বছৰৰ তৃতীয়টো বানৰ পাছতে নগাঁৱৰ কামপুৰত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। কামপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত টেলিয়াআটিকে ধৰি প্ৰায় অদ্ধ শতাধিক গাওঁ এইবাৰৰ বানত ক্ষতিগ্ৰস্ত হৈছিল।
কামপুৰ -কঠীয়াতলী পথৰ পৰা টেলিয়াআটি- নৈপাম পথটো বানে খহাই নিয়াৰ ফলত পথটোৰে যাতায়ত কৰাত অসুবিধাত পৰিছে স্থানীয় ৰাইজ। পথটোৰ তিনি ঠাই খহাই নিছে নিশাৰী নৈ বাঢ়নী পানীয়ে। উল্লেখ্য যে, ২০২২ চনত ভয়াবহ বানত চিঙি যোৱা পথচোৱা পিছত মেৰামতি কৰিছিল যদিও পুনৰ এইবাৰৰ বানত পূৰ্বতে মেৰামতি ঠাইতে খহি যায়। যাৰবাবে ৰাইজে পথটোত এখন দলং নিৰ্মাণ কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাইছে।