বান সাহাৰ্য বিতৰণত দুৰ্নীতিৰ অভিযোগ, বানাক্ৰান্তৰ প্ৰতিবাদ

ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া  নৈপৰীয়া মিছিং অধ্যুষিত অঞ্চল হিচাপে পৰিচিত বৰতামুলী গাঁও পঞ্চায়তৰ অন্তৰ্গত এক নং বৰতামুলীত বান সাহাৰ্য বিতৰণত হোৱা দুৰ্নীতি আৰু অনিয়মৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে ভুক্তভোগী ৰাইজে।

author-image
Asomiya Pratidin
New Update
বান সাহাৰ্য বিতৰণত দুৰ্নীতিৰ অভিযোগ, বানাক্ৰান্তৰ প্ৰতিবাদ

বান সাহাৰ্য বিতৰণত দুৰ্নীতিৰ অভিযোগ, বানাক্ৰান্তৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, ছয়দুৱাৰ: বান সাহাৰ্য বিতৰণৰ নামত দুৰ্নীতি আৰু অনিয়ম হোৱাৰ অভিযোগ তুলি সোমবাৰে উত্তাল হৈ পৰে গহপুৰৰ দক্ষিণাঞ্চল। ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া  নৈপৰীয়া মিছিং অধ্যুষিত অঞ্চল হিচাপে পৰিচিত বৰতামুলী গাঁও পঞ্চায়তৰ অন্তৰ্গত এক নং বৰতামুলীত বান সাহাৰ্য বিতৰণত হোৱা দুৰ্নীতি আৰু অনিয়মৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে ভুক্তভোগী ৰাইজে।

Advertisment

বানাক্ৰান্ত ৰাইজৰ অভিযোগ, এক নং বৰতামুলীৰ ৰাইজক বান সাহাৰ্য্যৰ নামত প্ৰতিজনক মাত্ৰ এক কেজি ৬৩৫ গ্ৰামকৈহে চাউল দিছে প্ৰশাসনে। লগতে পশুখাদ্যৰ নামত মাত্ৰ ২০ বস্তা পশু খাদ্য দি পশুপালক সকলক ৰাম ঠগন দিয়াৰ অভিযোগ ৰাইজৰ। প্ৰায় চাৰি-পাঁচ হাজাৰ পশুধন থকা উক্ত গাঁৱৰ ৰাইজে মাত্ৰ ২০ বস্তা পশুখাদ্যৰে কোনো কাৰণতে জোৰা মাৰিব নোৱাৰে। যাৰবাবে তেওঁলোকে উক্ত পশুখাদ্য বিতৰণ কৰিবলৈ দিয়া নাই বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। যাৰবাবে গহপুৰ সমজিলাৰ দক্ষিণাঞ্চলৰ বানাক্ৰান্ত অঞ্চলত পশু খাদ্য বিতৰণত এটা চক্ৰই ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত কৰিছে বুলি অভিযোগ উত্থাপন হৈছে। 

প্ৰতিবাদকাৰী ৰাইজে তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টি প্ৰকাশ কৰি "বান সাহাৰ্য বিতৰণত দুৰ্নীতি-অনিয়ম বন্ধ কৰক" শ্ল'গানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে, প্ৰতিটো বাৰিষাতে ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীৰ কৱলত পৰা এটা অঞ্চল হৈছে ১নং বৰতামুলি অঞ্চল। গহপুৰ সমজিলাৰ দক্ষিনাঞ্চলৰ বৰতামুলি গাঁও পঞ্চায়তৰ অন্তগৰ্ত অঞ্চলটো কিছুদিন পূৰ্বে ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীৰ কৱলত পৰিছিল। 

বানপানী গহপুৰ