ষষ্ঠ সংযোজন এলেকাৰ চল্লিশ শতাংশ অঞ্চলেই বুৰ গৈছে বানত

পুনৰ বানৰ কবলত পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন এলেকা। ব্ৰহ্মপুত্ৰৰৰ উত্তৰ পাৰে থকা জামুগুৰিহাটৰ দক্ষিণাঞ্চলত অৱস্থিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন এলেকাৰ এতিয়া চল্লিশ শতাংশ অঞ্চলেই বানত বুৰ গৈছে।

author-image
Asomiya Pratidin
New Update
বানত বুৰিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

বানত বুৰিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ পুনৰ বানৰ কবলত পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন এলেকা। ব্ৰহ্মপুত্ৰৰৰ উত্তৰ পাৰে থকা জামুগুৰিহাটৰ দক্ষিণাঞ্চলত অৱস্থিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন এলেকাৰ এতিয়া চল্লিশ শতাংশ অঞ্চলেই বানত বুৰ গৈছে।

Advertisment

মহাবাহু ব্ৰহ্মপুত্ৰ আৰু ঘিলাধাৰী নদীৰ বাঢ়নী পানী সোমোৱাৰ ফলত এতিয়া জলমগ্ন হৈ পৰিছে ষষ্ঠ সংযোজন এলেকা। ইফালে বানপানীৰ সময়ত ষষ্ঠ সংযোজনত থকা বন্যজীৱজন্তু সমুহৰ যাতে কোনো ক্ষতিসাধন নহয় তাৰ প্ৰতি তীক্ষ্ণ নজৰ ৰাখিছে বনকৰ্মী সকলে। বাসস্থানৰ লগতে খাদ্যৰ সন্ধানত ওখ স্থানলৈ ঢাপলি মেলাৰ সময়ত বন্যজীৱ জন্তুসমূহে যাতে কোনো দুষ্কৃতিকাৰীৰ আক্ৰমণৰ বলি হ'ব নোৱাৰে তাৰ বাবে দিনে নিশাই সজাগ হৈ থকা দেখা পোৱা গৈছে বনকৰ্মী সকলক।

জামুগুৰিহাট বান