বৰাকত অপৰিৱৰ্তিত বান পৰিস্থিতি : বিপদ সীমাৰ ১.৬৪ মিটাৰ ওপৰেৰে বৈছে পানী

আজিও অপৰিৱৰ্তিত বৰাকৰ বান পৰিস্থিতি। বৰাক নৈৰ জলস্তৰ প্ৰতি মুহূৰ্ততে বৃদ্ধি পোৱাত পৰিস্থিতি আৰু অধিক ভয়ানক হৈ পৰিছে। মঙলবাৰে আবেলি ৪ বজালৈ বৰাকৰ জলস্তৰ শিলচৰত বিপদৰ সীমাৰ ১.৬৪ মিটাৰ ওপৰেৰে বৈছে। 

author-image
Asomiya Pratidin
New Update
বৰাকত বানপানী

ডিজিটেল সংবাদ, শিলচৰ : আজিও অপৰিৱৰ্তিত বৰাকৰ বান পৰিস্থিতি। বৰাক নৈৰ জলস্তৰ প্ৰতি মুহূৰ্ততে বৃদ্ধি পোৱাত পৰিস্থিতি আৰু অধিক ভয়ানক হৈ পৰিছে। মঙলবাৰে আবেলি ৪ বজালৈ বৰাকৰ জলস্তৰ শিলচৰত বিপদৰ সীমাৰ ১.৬৪ মিটাৰ ওপৰেৰে বৈছে। 

Advertisment

বৰাকত বানপানী

সেই অনুপাতে বৃদ্ধি পাইছে বৰাকৰ উপনৈসমূহৰ জলস্তৰো।  বৰাক আৰু ইয়াৰ উপনৈসমূহৰ পানী বিপদৰ সীমাৰ ওপৰেৰে বৈ যোৱাত ন- ন অঞ্চল প্লাৱিত কৰিছে।  

বৰাকত বানপানী

যাৰ ফলত শিলচৰৰ লগতে কাছাৰ জিলাৰ বিভিন্ন অঞ্চল নতুনকৈ বানৰ কৱলত পৰিছে। ঘৰ -দুৱাৰৰ লগতে কিছুমান এলেকাত একাংশ শিক্ষানুষ্ঠানো পানীত বুৰ গৈছে।  আশ্ৰয় বিচাৰি বহু বন্যাৰ্ত লোক নাৱেৰে গৈ ওখ স্থানত আশ্ৰয় লৈছে। আন কিছুমানে‌ আশ্ৰয় শিৱিৰতো আশ্ৰয় লৈছে।  

বৰাকত বানপানী

ইফালে, বৰাকসহ ইয়াৰ উপনৈসমূহৰ বাঢ়নী পানী ঘাইপথেৰে বাগৰি যোৱাত শিলচৰ- কুম্ভীৰগ্ৰাম ভি আই পি ৰোড, শিলচৰ - শ্ৰীভূমি ৩৭ নম্বৰ ৰাষ্ট্ৰীয় পথৰ চালচাপৰা এলেকা আৰু শিলচৰ- কালাইন পথত যান- বাহন চলাচলৰ ক্ষেত্ৰত ভীষণ সমস্যাই দেখা দিছে।  ৰাষ্ট্ৰীয় পথ নে সমুদ্ৰ একো ধৰিব নোৱাৰা অৱস্থা হৈছে। মুঠৰ ওপৰত বিপদ আগত লৈ‌ চলাচল কৰিব লগা হৈছে যান-বাহনসমূহ। 

ইফালে, গৃহবন্দী বন্যাৰ্তসকলক উদ্ধাৰ কৰিবলৈ ঠায়ে ঠায়ে এন ডি আৰ এফ আৰু আৰক্ষী জোৱানক সাজু হৈ থাকিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে। বিভিন্ন স্থানত পথসমূহ বানপানীয়ে ছিঙি পেলোৱাত ঠায়ে ঠায়ে যাতায়ত বিচ্ছিন্ন হ'ব লগা হৈছে।‌ 

বৰাকত বানপানী

ইয়াৰ মাজতে শিলচৰ বেৰেংগা নাথপাৰাত বৰাক নৈৰ  ভয়ংকৰ খহনীয়াই আতংকিত কৰি তুলিছে নৈপৰীয়া ৰাইজক। জলসম্পদ বিভাগে কিছুমান বালিভৰ্তি বস্তা আৰু বাঁহৰ গড়াল দি খহনীয়া ৰোধৰ চেষ্টা কৰিছে যদিও বিভাগটোৰ এই কামত মুঠেও সন্তুষ্ট হ'ব পৰা নাই ৰাইজ। 

বৰাকত বানপানী

আনহাতে,  বৰখলা সমষ্টিৰ দুধপাতিল এলেকাত জলসম্পদ বিভাগে এটা কালভাৰ্ট বন্ধ কৰি দিয়াত প্ৰায় সাত শ পৰিয়াল বানৰ কৱলত পৰিছে।‌ বুৰ গৈছে বহু ঘৰ -দুৱাৰ । বিভাগটোৰ এনে‌ কাৰ্যত ক্ষুদ্ধ বন্যাৰ্তসকলে শীঘ্ৰে জল নিষ্কাষণ কৰি জলবন্দী লোকসকলক উদ্ধাৰ কৰিবলৈ সংশ্লিষ্ট পক্ষক কাতৰ আহ্বান জনাইছে।

assam flood flood Silchar