/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/d662c880-d29f-4349-ba8e-865bdb3dd66c/AP_FOR_WEB_1.jpg)
ডিজিটেল সংবাদ চিলাপথাৰঃ পাহাৰ ভৈয়ামে অব্যাহত ধাৰাষাৰ বৰষুনৰ ফলত চিলাপথাৰ অঞ্চলটোৰ মাজেৰে বৈ অহা পাহাৰীয়া নৈ ঘগৰা আৰু চিলিয়ে কালৰূপ ধাৰন কৰিছে। আজি পুৱা ঘগৰানৈৰ বাঢ়নি পানীয়ে মালিনীপুৰ পঞ্চায়তৰ ক্ৰমে হাতীড়ৰ, প্ৰেজেক্ট আলি আৰু বংকপল গাঁৱত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰাৰ লগতে ঘগৰাৰ তীব্ৰ সোঁতে উটুৱাই নিলে ৪৭ টাকৈ ঘৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/6c1a9bd5-3c12-411a-b735-55400dd5bd67/c393164d_dd90_4bab_acb4_d25ab47c0a81.jpg)
ঘৰ বাৰীৰ লগতে তৰপে তৰপে পলস, বালি পেলাই পুতি পেলালে বিস্তৃত কৃষিভূমি। জীৱ জন্তুৱে খাবলৈ বাকী থকা নাই সামান্য ঘাঁহ বন। মূৰে-কঁপালে হাত দিছে ক্ষতিগ্ৰস্ত গঞাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/f8d768c0-00af-4e17-8e46-26e6b671b878/0706cccc_ba8a_4e2b_bde6_4a5114612c03.jpg)
ভয়ংকৰ ৰূপ ধাৰন কৰা ঘগৰাৰ তাণ্ডৱত অঘৰীলৈ পৰ্যবসিত গঞাই ভাঙি চিঙি একাকাৰ হোৱা নিজা নিজা ঘৰৰ অবশিষ্ট লৈ নিৰাপদ স্থানৰ বাবে স্থানান্তৰ হৈছে। ইপিনে চিলাসূতি পঞ্চায়তৰ মাজেৰে বৈ অহা চিলি নদীয়ে ভয়ানক ৰূপ ধাৰন কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/feae9308-ca1f-4f6c-bfb7-0000a4303bc9/184db066_5ada_4ccd_ae64_08c806e42d00.jpg)
পঞ্চায়তখনৰ দলংগুৰিতো সৃষ্টি কৰিছে হাহাকাৰ অৱস্থা। বানৰ প্ৰকোপত শুৱন-খাৱন নোহোৱা হৈছে গঞাৰ। পিবলৈ নাই এটোপাল পানী। অৰ্ধশতাধিক পৰিয়ালৰ ঘৰ-বাৰী সকলো বিধ্বস্ত কৰাৰ লগতে পুতি পেলালে এখন প্ৰাথমিক বিদ্যালয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/df61ae1a-ed23-4e71-a8af-04f66ce6537d/b707d3fb_687f_4e9a_b7f4_add60e553edd.jpg)
শ্ৰেণীকোঠাৰ পৰা শৌচাগাৰ, প্ৰসাৱগাৰৰ লগতে ৰান্ধনি শাললৈকে বালিৰ তৰপ। পলসৰ তৰপে পুতিলে কাষতে থকা অংগনাবাদী কেন্দ্ৰ। অহাৰ বাটেৰে উভতিছে শিক্ষক শিক্ষাৰ্থী। এই ক্ষেত্ৰত গঞা ৰাইজে ক্ষুৰধাৰ সমালোচনা কৰিছে স্থানীয় বিধায়ক আৰু সাংসদক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/d8133180-92e1-49b3-a019-ec99700db715/a76a30cb_1cfb_4ebd_86df_1660f01b2097.jpg)
ৰাইজৰ দুৰ্দিনত ছাঁটোকে দেখিবলৈ নাই জনপ্ৰতিনিধিৰ। কেবল নিৰ্বাচনত ভোট খুজিবলৈ আহি পৰৱৰ্তী কালত ৰাইজক পাহৰা প্ৰতিনিধিক সমাগত সময়ত এসেকা দিব বুলি ৰাইজে সকীয়াই দিছে। বান ক্ষতিগ্ৰস্তক প্ৰয়োজনীয় সহায় আগবঢ়াবলৈ ৰাইজে প্ৰশাসনৰ ওচৰত নিখিল বড়ো ছাত্ৰ সন্থাই দাবী জনাইছে।