/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/d16dd744-d602-4fcf-926b-1f21c664e756/d5432e8d-cf95-447d-99e8-281cd0ec2380.jpg)
ডিজিটেল ডেস্কঃ কল্পনা কৰকচোন! ১৫০টকাত যদি আপুনি উৰাজাহাজত ভ্ৰমণ কৰিব পাৰে। আপুনি এই কল্পনা কৰাৰ পূৰ্বেই আপোনাক জনাও যে, ইচ্ছা কৰিলে আপুনিও ১৫০টকাত উৰাজাহাজত ভ্ৰমণ কৰিব পাৰে। গুৱাহাটীৰ পৰা শ্বিলঙলৈ মাত্ৰ ১৫০টকাত আপুনি প্লেনত যাত্ৰা কৰিব পাৰে। কিন্তু ইয়াৰ বাবে আছে কিছু নিয়ম।
ওড়ান এলায়েন্স এয়াৰৰ দ্বাৰা পৰিচালিত উৰাজাহাজত আপুনি মাত্ৰ ১৫০টকাতে ভ্ৰমণ কৰিব পাৰে গুৱাহাটীৰ শ্বিলঙলৈ। ডাৱৰৰ মাজে মাজে যাত্ৰা কৰি আপুনি যাত্ৰা কৰি মেঘালয়ত অৱতৰণ কৰাৰ সুবিধা আছে এই এয়াৰলাইন্সত।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, ওড়ান এলায়েন্স এয়াৰ হৈছে ভাৰতৰে এটি প্ৰতিষ্ঠান, যি দেশৰ ভিন্ন প্ৰান্তত কম মূল্যতে জনতাৰ উৰাজাহাজ ভ্ৰমণৰ সুবিধা প্ৰদান কৰি আহিছে। এতিয়া জানো আহক কেনেকৈ মাত্ৰ ১৫০টকাত আপুনি যাত্ৰা কৰিব পাৰে এই উৰাজাহাজত।
মোবাইল এপ পে টি এমৰ জৰিয়তে যদিহে আপুনি এই ওড়ান এলায়েন্স এয়াৰৰ প্লেনৰ টিকট বুকিং কৰে তেন্তে গুৱাহাটীৰ পৰা শ্বিলঙলৈ যাত্ৰাৰ বাবে ভাড়া দেখুৱাব ৪০০টকা। কিন্তু এটা প্ৰমকোড ব্যৱহাৰ কৰি আপুনি পাব পাৰে ২৫০টকাৰ ৰেহাই। অৱশ্যে সকলো যাত্ৰীয়ে এই ৰেহাই নাপাবও পাৰে। যি যাত্ৰীৰ কপাল ভাল তেওঁলোকে এই ৰেহাই লাভ কৰি ১৫০টকাত শ্বিলং ভ্ৰমণৰ মজা লব পাৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/59dcf8b3-8e68-47c3-882c-17416284391b/df7ec450-7cb6-41f2-a5c5-ca1255a2dd85.jpg)
এইখিনিতে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে, এই টিকটৰ সৈতে সামান্য পৰিমাণৰ ধন সুকীয়াকৈ লোৱা হয় অন্যন্যা কিছু মাচুল বুলি। জানিব পৰা অনুসৰি, প্ৰায় ৫০মিনিটৰ হয় এই যাত্ৰা।